গুৱাহাটী,৩১ জুলাইঃ মূল্যবৃদ্ধিৰ বিৰুদ্ধে সোমবাৰে গৰজি উঠিল প্ৰদেশ কংগ্ৰেছ। নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলঙ্ঘী মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছ কমিটীয়ে আজি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মূখত ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে। তেওঁলোকে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হোৱা বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে।


0 Comments:
Post a Comment