গোলাঘাটত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা
গোলাঘাটৰ দুৰ্ভগীয়া পৰিয়ালটোৰ কাষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা। গোলাঘাটৰ একেটা পৰিয়ালৰ তিনিগৰাকীকৈ সদস্যক হত্যা কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। তিনিগৰাকীকৈ সদস্যক হেৰুওৱা পৰিয়ালটোৰ কাষত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে গভীৰ সমবেদনা জ্ঞাপন কৰে। এই হত্যাকাণ্ডৰে জড়িত অপৰাধীক কঠোৰ শাস্তি প্ৰদান কৰাৰ ক্ষেত্ৰত চৰকাৰ বদ্ধপৰিকৰ বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে।

0 Comments:
Post a Comment