টোকাৰী গীতৰ সম্রাট উমাকান্ত বৈৰাগীৰ দেহাৱসান


 গুৱাহাটী,২৬ জুলাইঃ টোকাৰী গীতৰ সম্রাট উমাকান্ত বৈৰাগীৰ আৰু নাই।বুধবাৰে পুৱা ৭.১০ বজাত গুৱাহাটীৰ হেঙেৰাবাৰীস্থিত কাঞ্চন নগৰৰ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উমাকান্ত বৈৰাগী। ১৯৪২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে সৰুৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল। সংগীতৰ বাবেই তেওঁ প্ৰত্যাখ্যান কৰিছিল সৈনিকৰ চাকৰি। তেওঁৰ শিল্পী প্ৰতিভাৰ বাবে ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল। কেইবা দশক ধৰি টোকাৰী গীত গাই অসমীয়া লোক-সংকৃতিৰ ভৰাঁল চহকী কৰি থৈ গ'ল শিল্পীগৰাকীয়ে। সংগীত নাটক একাডেমী বঁটা প্রাপক আছিল শিল্পীগৰাকী। ১৯৪২ চনত ডিব্রুগড়ৰ খোৱাঙত জন্ম হৈছিল লোকসংস্কৃতিৰ সাধকগৰাকীৰ। ২০১৩-১৪ বৰ্ষত সংগীত নাটক একাডেমী সন্মানেৰে হৈছিল সন্মানিত হৈছিল বিশিষ্ট শিল্পীগৰাকী। লোকসংস্কৃতিৰ সাধকগৰাকীয়ে লাভ কৰিছিল প্রতিমা পাণ্ডে বঁটাও। ড০ ভূপেন হাজৰিকা সংহতি বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে। ১৯৭১ত ডিব্রুগড় অনাতাঁৰ কেন্দ্রই প্রদান কৰিছিল বৈৰাগী উপাধি। শিল্পীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment