ডেৰ বছৰ হেঁপাহ কৰি অৱশেষত লুৰীণ মামাক লগ পালে টিংখাঙৰ কণমানি খুচীয়ে
নিউজ ডেক্স,১৭ আগষ্টঃ নাম ৰাচিকা শইকীয়া। বয়স ছয় বছৰ। ঘৰত মৰমতে খুচী বুলি মাতে। মাকৰ নাম পিকুমণি বকলীয়াল শইকীয়া আৰু দেউতাক অনিল শইকীয়া৷ ঘৰ ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ বৰবাম থানাৰ অন্তৰ্গত ৰাজগড় কমাৰচুক গাঁৱত। ডেৰ বছৰমান আগত এদিন ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় চৌহদত মাক পিকুমণি বকলীয়াল শইকীয়াই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈক লগ পাই ছেলফি উঠিছিল। মাকৰ লগত আন বহুতো আছিল। সকলোৱে ছেলফি উঠিলে কিন্তু থাকি গ'ল খুচী। শিশু খুচীৰো যে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠিবলৈ মন আছিল, মাকে কথাটো ভৱাই নাছিল৷ ঘৰলৈ গৈ মাকে মন কৰিলে যে কনমানি খুচীয়ে মন মাৰি থকা হৈছে৷ বহুত চেষ্টা কৰি মন মাৰি থকাৰ কাৰণ জানিব পাৰিলে যে ডিব্ৰুগড়ত মাকে লুৰীণজ্যোতিৰ সৈতে ছেলফি উঠোঁতে তাইৰো উঠিবলৈ মন আছিল৷ নাপালে কাৰণে মন বেয়া। মাকে কথাটো সাধাৰণ শিশু মনৰ ক্ষন্তেকীয়া আৱেগ বুলি ভাৱি বিষয়টোত গুৰুত্ব নিদিলে৷ কিন্তু দিন যোৱাৰ লগে লগে মাকে মন কৰিলে যে খুচীয়ে অনবৰত লুৰীণজ্যোতিৰ কথা ক'বলৈ আৰম্ভ কৰিছে৷ খাওঁতে শুওঁতে পঢ়োতে অকল লুৰীণজ্যোতিৰ চৰ্চা৷ ঘৰত কোনোবাই টিভিটো মেলিলে তাইৰ চকু-কাণ টিভিৰ ফালে থকা হ'ল - কিজানিবা লুৰীণজ্যোতি ওলায়৷ লুৰীণজ্যোতি গগৈক তাই নিজে নিজে মামা বুলি মতা হ'ল। মাক-দেউতাকৰ মেবাইলটো হাতত পালে লুৰীণজ্যোতিৰ ভিডিঅ' চোৱা কৰিলে৷ অনবৰত মাকক কোৱা হ'ল- মা মোক লুৰীণ মামাৰ ওচৰলৈ লৈ ব'লানা৷ তাই লুৰীণজ্যোতি গগৈলৈ বুলি এখন ছবিও আঁকি থৈছে৷ লিখিছে- লুৰীণ নাম, মই তোমাক ভাল পাওঁ৷ কন্যাৰ এন অৱস্থা দেখি মাক বিমোৰত পৰিল৷ লুৰীণজ্যোতিক তেওঁ জীৱনত এবাৰ লগ পাইছে, তাকো বাটতে। লুৰীণজ্যোতিৰ ফোন নম্বৰ ঠিকনা নেজানে৷ লুৰীণজ্যোতি গগৈৰ সৈতে যোগাযোগত থকা কোনো মানুহকো তেওঁ চিনি নেপায়৷ এছৰমান আগতে লখিমপুৰৰ এগৰাকী সাংবাদিকক লগ পাওঁতে মাকে কথাটো সাংবাদিকগৰকীক ক'লে৷ সাংবাদিকগৰাকীয়ে লুৰীণজ্যোতি গগৈৰ সৈতে যোগাযোগ কৰাই দিয়াৰ দায়িত্ব লৈ নিজৰ পোৰ্টেলত এটা বাতৰিও কৰিলে৷ লুৰীণজ্যোতি গগৈক ফোন কৰি খুচীৰ বিষয়ে জনালেও৷ কিন্তু লুৰীণ মামাক লগ পোৱাৰ খুচীৰ হেঁপাহটোহে পুৰণ নহ'ল৷ অৱশেষত আজি বৃহস্পতিবাৰে লুৰীণজ্যোতি গগৈ সাংগঠনিক কামত টিংখাঙলৈ যাওঁতে কথাটো ওলাল যে ডেৰ বছৰ ধৰি লুৰীণ মামক লগ পাবলৈ হেঁপাহ কৰি থকা খুচী ওৰফে ৰাচিকা শইকীয়াৰ ঘৰ ওচৰতে৷ খুচীৰ মাকক খবৰটো পঠিওৱা হ'ল৷ মাকে খুচীক আনিবলৈ স্কুললৈ ঢাপলি মাৰিলে৷ লুৰীণজ্যোতি গগৈয়ে খুচী তেওঁৰ ওচৰলৈ অহাতকৈ নিজে খুচীৰ ঘৰলৈ যোৱাটোকে বেছি ভাল বুলি ভাৱিলে৷ কথা মতে কাম৷ খুচী স্কুলৰ পৰা আহি হতবাক৷ তাইৰ হেঁপাহৰ লুৰীণ মামা তাইৰ ঘৰতে৷ তাই লুৰীণ মামাৰ কোঁচত বহিল৷ কথা পাতিলে৷ গালে-মুখে হাত ফুৰাই মৰমো কৰিলে৷ চুলিত বেনি গুঠিবলৈয়ো চেষ্টা কৰিলে৷ লুৰীণজ্যোতি গগৈলৈ বুলি আঁকি থোৱা ছবিখনো উপহাৰ দিলে। মাক পিকুমণি শইকীয়াই জনালে যে যোৱা প্ৰায় ডেৰ বছৰ ধৰি খুচীয়ে এই হেঁপাহটোকে পুহি ৰাখিছিল যে লুৰীণ মামা এদিন আহিব আৰু তাই লগ পাব৷ আজি তাইৰ সেই হেঁপাহ পুৰণ হ'ল৷ তাই হেনো লুৰীণজ্যোতি গগৈৰ ফটো বা ভিডিঅ' চাই মন কৰি থাকে যে লুৰীণ মামাৰ চুলি-ডাৰি দীঘল হৈছে নে নাই৷ ডাড়ি-চুলি দীঘল দেখিলে তাই কয়, মা লুৰীণ মামাই চুলি কিয় কটা নাই। লুৰীণজ্যোতি গগৈৰ টিভিত মন মাৰি থকা বা খং কৰি থকা দেখিলে তাই নিজেই মন মাৰি দিয়ে৷ যোৱা ডেৰ বছৰে নিজৰ মোমায়েকৰ দৰে এক আত্মিক সম্পৰ্ক নিজে নিজে পাতি লোৱা খুচী নামৰ কণমানিজনীৰ এই মৰম দেখি আজি আপ্লুত হৈ পৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকী৷ তেওঁ কয় যে জীৱনত বহুত মানুহ লগ পাইছো৷ বহুত মানুহৰ আন্তৰিকতাও দেখিছো৷ কিন্তু কণমানি খুচীৰ এই অস্বাভাৱিক আৱেগে এক অনন্য আন্তৰিক সুখানিভূতি অনুভৱ কৰোৱালে৷ ই লগতে এক গভীৰ দায়িত্ববোধৰ কথাও সোঁৱৰাই দিলে৷ জাতিৰ স্বাভিমান পুনৰুদ্ধাৰৰ জাতীয় দায়িত্বই সমগ্ৰ অসমখনকে এটা পৰিয়াল আৰু সকলো মানুহকে আত্মীয় বুলি ভৱাৰ যি পৰিৱেশ গঢ়ি দিলে আৰু বিপৰীতে ৰাইজৰ পৰা পোৱা মৰমে, জাতিৰ সেৱাত নিজকে উজাৰি দিয়াৰ বাবে প্ৰেৰণা যোগাই বুলি তেওঁ কয়।




0 Comments:
Post a Comment