জনতা ভৱনত শোক দিৱস পালন
গুৱাহাটী,১৬ আগষ্টঃ ২০০৪ চনৰ ১৫ আগষ্টত ধেমাজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত সংঘটিত হোৱা বোমা বিস্ফোৰণত প্ৰাণ আহুতি দিয়া শিশু আৰু নিৰীহ নাগৰিকৰ পবিত্ৰ স্মৰণত আজি জনতা ভৱনত শোক দিৱস পালন কৰা হয়। এই উপলক্ষে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব আশীষ কুমাৰ ভূটানীয়ে সচিবালয়ৰ প্ৰশাসনীয় বিষয়া কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱায়। শোক দিৱসত আমাৰ দেশৰ অহিংস আৰু সহনশীল পৰম্পৰাৰ ওপৰত গভীৰভাৱে আস্থা ৰখাৰ শপত লোৱাৰ লগতে সমগ্ৰ শক্তিৰে সকলো প্ৰকাৰৰ সন্ত্রাসবাদ আৰু হিংসাৰ বিৰোধ কৰাৰ সংকল্প লোৱা হয়। আজিৰ এই অনুষ্ঠানত সাধাৰণ প্ৰশাসন বিভাগৰ প্ৰধান সচিব অবিনাশ যোশী, আয়ুক্ত সচিব এম এছ মনিৱন্নন, সচিব মণিতা বৰগোহাঁই, যুটীয়া সচিব বুবুল লেখাৰুকে আদি কৰি সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে। একেদৰে তথ্য আৰু জনসংযোগ সঞ্চালকালয়তো অনুষ্ঠিত শোক দিৱসত সঞ্চালক মানবেন্দ্র দেৱ ৰায়ে বিষয় আৰু কৰ্মচাৰীসকলক শপত বাক্য পাঠ কৰোৱায়।


0 Comments:
Post a Comment