নিউজ ডেক্স,১৯ আগষ্টঃ লাডাখৰ কাৰ্গিল জিলাত সংঘটিত হৈছে এক ৰহস্যজনক বিস্ফোৰণ। এই বিস্ফোৰণত ৩ জন লোক নিহত হোৱাৰ উপৰি প্ৰায় ১০ জন লোক আহত হৈছে। উল্লেখ্য যে শুকুৰবাৰে বিয়লিৰ ভাগত এখন ট্ৰাকৰ পৰা সংগ্ৰহ কৰা স্ক্ৰেপ নমাই থকাৰ সয়মতে এখন স্ক্ৰেপৰ দোকানত এই বিস্ফোৰণ সংঘটিত হয়। এই সন্দৰ্ভত এগৰাকী শীৰ্ষ আৰক্ষী বিষয়াই সংবাদ মাধ্যমৰ আগত কয় যে এই ঘটনাত ৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০ জনকৈ লোক আহত হৈছে। আহতসকলক হাস্পতালত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে কেইবাজনৰো অৱস্থা সংকটজনক। আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে। এই গচৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰা হৈছে। ইতিমধ্যে সংগ্ৰহ কৰা হৈছে যাৱতীয় প্ৰমাণ-পত্ৰও। বিস্ফোৰণৰ সময়ত ২ জন লোকৰ থিতাতে মৃত্যু হৈছিল যদিও পৰৱৰ্তী সময়ত গুৰুতৰ ভাৱে আহত এজনৰ হাস্পতালত মৃত্যু হয়। আহত বাকী ১০ জনৰ ভিতৰত ২ জনৰ অৱস্থা সংকটজনত।
.jpeg)
.jpeg)
0 Comments:
Post a Comment