শান্তি চুক্তিৰ লক্ষ্যৰে আলোচনাপন্থী আলফা আৰু চৰকাৰৰ মাজত আৰম্ভ আলোচনা প্ৰক্ৰিয়া


 

নিউজ ডেক্স,১৯ আগষ্টঃ দীঘলীয়া অপেক্ষাৰ অন্তত অৰবিন্দ ৰাজখোৱা আলোচনাপন্থী আলফা নেতৃবৰ্গৰ সৈতে শুকুৰবাৰে নতুন দিল্লীত গোপন বৈঠকত মিলিত হয় শান্তি আলোচনাৰ মধ্যস্থতাকাৰী এ কে মিশ্ৰই। অজ্ঞাত স্থানত অনুষ্ঠিত কেন্দ্ৰীয় গৃহ বিভাগৰ সচিব পৰ্যায়ৰ বৈঠকত মূলতঃ আলফাৰ অন্যতম দাবী হিচাপে ৰাজনৈতিক আৰু সাংবিধানিক অধিকাৰৰ বিষয়টোৱে গুৰুত্ব লাভ কৰে। জানিব পৰা মতে মধ্যস্থতাকাৰী এ কে মিশ্ৰই এপ্ৰিল মাহত আলফা নেতৃবৃন্দৰ আগত শান্তি চুক্তিৰ এখন খচৰা উপস্থাপন কৰিছিল। পিছে খচৰাত আলফাৰ ১২ দফীয়া দাবী ছনদৰ অন্যতম ৰাজনৈতিক তথা সাংবিধানিক অধিকাৰৰ বিষয়টোৱে স্থান লাভ কৰা নাছিল। আজিৰ বৈঠকত উক্ত বিষয়ৰ ওপৰতে আলফা নেতৃবৰ্গৰ সৈতে মধ্যস্থতাকাৰীজনে বিশদ আলোচনা কৰে৷ কিন্তু ৰাজনৈতিক অধিকাৰৰ বিষয়টোকলৈ এতিয়াও কিছু জটিলতা থকা বুলি সূত্ৰটোৱে জানিবলৈ দিয়ে৷ শীঘ্ৰেই আলফা নেতৃবৃন্দৰ সৈতে পুনৰ আন এলানি বৈঠক অনুষ্ঠিত হ’ব। জানিব পৰা মতে খুব কমদিনৰ ভিতৰতেই আলোচনাপন্থী আলফাৰ সৈতে কেন্দ্ৰীয় চৰকাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিব বিচাৰিছে৷ ইপিনে আজিৰ বৈঠকত অংশগ্ৰহণ কৰা আলফাৰ সাধাৰণ সম্পাদক অনুপ চেতিয়াই শীঘ্ৰেই শান্তি চুক্তি স্বাক্ষৰিত হ’ব পাৰে বুলি সংবাদ মাধ্যমৰ আগত ইংগিত প্ৰদান কৰিছিল৷ চেতিয়াৰ মতে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বেই অসমৰ ঐতিহাসিক তথা দীৰ্ঘদিনীয়া সমস্যাসমূহৰ সমাধান বিচাৰি শান্তি চুক্তি সম্পাদিত হ’ব৷ উল্লেখ্য যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বৃহস্পতিবাৰে নিশা নতুন দিল্লীত উপস্থিত হয়। মুখ্যমন্ত্ৰীজনেও আজি আলফা নেতৃবৰ্গৰে হোৱা বৈঠকত অংশ ল’ব বুলি ধাৰণা কৰা হৈছিল যদিও জানিব পৰা মতে তেওঁ ব্যক্তিগত কাৰ্যসূচীলৈহে দিল্লী ভ্ৰমণলৈ গৈছে। উল্লেখ্য, ২০১১ চনত তদানিন্তন কেন্দ্ৰীয় গৃহমন্ত্ৰী পি চিদাম্বৰমৰ ওচৰত অৰবিন্দ ৰাজখোৱা নেতৃত্বাধীন আলোচনাপন্থী আলফা নেতৃবৰ্গই ১২দফীয়া দাবী চনদ দাখিল কৰিছিল যদিও ১২ বছৰ পাছতো শান্তি চুক্তি স্বাক্ষৰিত নহ’ল৷ এতিয়া ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ঐতিহাসিক চুক্তিখন সম্পাদিত হয় নে নহয় সেয়া লক্ষ্যণীয় বিষয় হ’ব৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ উদ্যোগত অনুষ্ঠিত বৈঠকত আলফাৰ কেন্দ্ৰীয় নেতৃত্ব অৰবিন্দ ৰাজখোৱা, অনুপ চেতিয়া, শশ চৌধুৰী আৰু ৰাজু বৰুৱাই অংশ গ্ৰহণ কৰিছিল। ইফালে আলফাৰে এই বৈঠকৰ সমান্তৰালভাৱে ২১ আগষ্টত নগা বিদ্ৰোহী সংগঠন এন এছ চি এনৰ (আই এম) সৈতে নতুন দিল্লীত শান্তি আলোচনাত বহিব কেন্দ্ৰীয় চৰকাৰ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment