এছ টি এফৰ অভিযানত বিশাল পৰিমাণৰ জালনোট জব্দ


নিউজ ডেক্স,২২ আগষ্টঃ এছ টি এফৰ অভিযানত জালনোট উদ্ধাৰ। গোৱালপাৰা জিলাৰ কৃষ্ণাইত এছ টি এফ-ৰ দলে চলোৱা অভিযানত এ এছ-১৮-এফ-৬৮৬৩ নম্বৰৰ মাৰুতি এল্টো গাড়ী এখনৰ পৰা লুকুৱাই অনা জালনোটৰ বান্দিলসহ তিনিজন জালনোট সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হয়। ধৃত লোক কেইজন হৈছে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ আনোৱাৰ হুছেইন (৫২ বছৰ), ৰফিক আহমেদ (৪৭ বছৰ) আৰু ক্ৰৱেল মাৰাক (৩৫ বছৰ)। তেওঁলোকৰ পৰা জালনোটৰ ৫০০ টকীয়া ২৯টা বান্দিল, মাৰুতি গাড়ীখন আৰু চাৰিটা মোবাইল ফোন জব্দ কৰা হয়। ধৃত তিনি জালনোট সৰবৰাহকাৰীৰ লগতে জব্দকৃত সামগ্ৰীসমূহ কৃষ্ণাই থানাক চমজাই দি এই সংক্ৰান্তত গোচৰ পঞ্জীয়ন কৰি যাৱতীয় তদন্ত চলাবলৈ দায়িত্ব অৰ্পন কৰা হয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment