মিজোৰামত নিৰ্মীয়মাণ ৰে'লৱে দলং খহি বহু শ্ৰমিকৰ মৃত্যু

 

নিউজ ডেক্স,২৩ আগষ্টঃ চুবুৰীয়া ৰাজ্য মিজোৰামত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা। এখন নিৰ্মীয়মাণ ৰে'লৱে দলং খহি পৰাৰ ফলত অতি কমেও ৪০ জনকৈ শ্ৰমিকৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। বুধবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ নিলগৰ ছাইৰাং অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা। স্থানীয় আৰক্ষীৰ সূত্ৰত প্ৰকাশ পোৱা খবৰ অনুসৰি পুৱা ১০ বজাত সংঘটিত হৈছে এই দুৰ্ঘটনা। আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এই পৰ্যন্ত ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। এতিয়াও উদ্ধাৰ কৰিব পৰা নাই বহু শ্ৰমিকক। জানিব পৰা মতে য়ং মিজু এছচিয়েশ্যনৰ ছাইৰাং ব্ৰাঞ্চে উদ্ধাৰ অভিযান চলাই আছে। উল্লেখ্য যে দুৰ্ঘটনা সংঘটিত হোৱা এই ৰে'লৱে দলংখন ভাৰতীয় ৰে'লৱেৰ উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ ৰাজধানীক সংযোগ কৰাৰ ব্যয়বহুল প্ৰকল্পৰ আধাৰত নিৰ্মাণ কৰি থকা হৈছিল। যোৱা কিছু বছৰ ধৰি অতি বিপদসংকুল ভাৱে এই ৰে'লৱে দলংখন নিৰ্মাণ কৰি থকা হৈছিল।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment