কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত সাংসদ গৌৰৱ গগৈ
গুৱাহাটী,২০ আগষ্টঃ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ নৱগঠিত ৱৰ্কিং কমিটীত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ সাংসদ গৌৰৱ গগৈক। ভাৰতীয় জাতীয় কংগ্রেছ দলৰ প্ৰধান নীতি-নিৰ্ধাৰণ কমিটি হিচাবে পৰিগণিত হোৱা কংগ্ৰেছ ৱৰ্কিং কমিটি চমুকৈ চি ডব্লিউ চিখন আজি দলৰ সভাপতি মল্লিকাজুৰ্ন খাৰ্গেই গঠন কৰি ঘোষণা কৰে। অসমৰ পৰা একমাত্ৰ গৌৰৱ গগৈক কংগ্ৰেছ ৱৰ্কিং কমিটিৰ সদস্য ৰূপে অন্তৰ্ভুক্ত কৰা হৈছে। নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল স্বাক্ষৰিত বিবৃত্তি যোগে এই কথা জনোৱা হয়। কংগ্ৰেছ ৱৰ্কিং কমিটিত মুঠ ৩৯ গৰাকী সদস্য আছে। কংগ্ৰেছ দলৰ সৰ্বোচ্চ কমিটিখনত অসমৰ সাংসদগৰাকীয়ে স্থান পোৱাক লৈ স্বাভাৱিকতেই অসমৰ কংগ্ৰেছ কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে।

0 Comments:
Post a Comment