প্ৰাক্তন প্রধানমন্ত্রী প্রয়াত ৰাজীৱ গান্ধীৰ ৭৯ সংখ্যক জন্ম বার্ষিকী উদযাপন



গুৱাহাটী,২০ আগষ্টঃ প্ৰাক্তন প্রধানমন্ত্ৰী প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭৯ সংখ্যক জন্ম বার্ষিকী উপলক্ষে দেওবাৰে প্রদেশ কংগ্ৰেছ কমিটিৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ ৰাজীৱ ভৱনত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। আৰম্ভনীতে প্ৰয়াত ৰাজীৱ গান্ধীৰ প্ৰতিচ্ছবিত পুষ্পার্ঘ্য অর্পণ কৰা হয়। উক্ত অনুষ্ঠানত প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সাংসদ বলিন কুলি আৰু প্রাক্তন মন্ত্রী আবু চালেহ নাজমুদ্দিনৰ নেতৃত্বত উক্ত পুষ্পার্ঘ্য অনুষ্ঠান সম্পাদন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে বিধায়ক খলিল উদ্দিন মজুমদাৰ, প্রাক্তন সাংসদ তথা উপ-সভাপতি আব্দুল হামিদ, গুণ কান্ত গগৈ, কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰমেশ জৈন, সাধাৰণ সম্পাদক ক্ৰমে খলিলুৰ ৰহমান, নাছিৰ খান লগতে আৰফান আলি হাজৰিকা, ইমদাদ হুছেইন, ৰতন বড়ো, বৰ্ণালী ফুকন, মুস্তাক গোলাম ওছমানী, উমেশ ডেকা, কৃষ্ণা দাস, তৃষ্ণা পেগু, বাসুদেৱ চৌধুৰী, উত্তম সৰকাৰ, ৰমেন শৰ্মা, নৱ গোস্বামী, দীপক কলিতা, ৰঞ্জিত ঠাকুৰীয়া, দেৱী ডেকা কর্মকাৰ, বিজিতা ডেকা, ইম্পি দাস, নমিতা দাস, ৰিনা বেগম, অঞ্জন হুজুৰী, প্ৰণৱ শ‍ইকীয়া, ডেভিদ ফুকন, দীপালী পাতিৰ আদি নেতা-কৰ্মী।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment