গুৱাহাটী,৭ আগষ্টঃ নতুন ৰূপত নিৰ্মাণ কৰি উলিওৱা হ'ব গুৱাহাটীৰ ঐতিহ্যমণ্ডিত নেহেৰু ষ্টেডিয়াম। নতুন ৰূপৰ প্ৰকল্প কেনেধৰণৰ হ'ব সেয়া পৰিদৰ্শন কৰিবলৈ পুৱাই নেহেৰু ষ্টেডিয়ামত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ষ্টেডিয়ামখনক সম্পূৰ্ণ নতুন ৰূপত নিৰ্মাণ কৰাৰ বাবে প্ৰথমে নক্সা তৈয়াৰ হ’ব আৰু তাৰ পিছত বাজেট প্ৰস্তুত কৰি নিবিদাৰ জৰিয়তে কাম আৰম্ভ হ’ব। গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামৰ লগতে যোৰহাটৰ ষ্টেডিয়াম খনো নতুন ৰূপত গঢ় দিব ৰাজ্য চৰকাৰে। ৫০ হাজাৰ দৰ্শকে খেল উপভোগ কৰিব পৰা সুবিধা থাকিব নতুন নেহেৰু ষ্টেডিয়ামত। ১৯৬২ চনত নিৰ্মাণ কৰা এই ষ্টেডিয়ামখনত ১৫ হাজাৰ দৰ্শকৰ ক্ষমতা আছিল। ৰাধা গোবিন্দ বৰুৱাই তদাৰক কৰি নিৰ্মাণ কৰিছিল নেহৰু ষ্টেডিয়াম। এই খেলপথাৰখন অসম চৰকাৰৰ ক্ৰীড়া ব’ৰ্ডৰ পৰিচালনাত আছে। পূৰ্বতে ফুটবল আৰু ক্ৰিকেট দুয়োটা খেলতে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান Indoor বিভিন্ন খেল অনুষ্ঠিত হয় নেহেৰু ষ্টেডিয়ামত।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment