সাংসদ পদ ঘূৰাই পালে ৰাহুল গান্ধীয়ে


নিউজ ডেক্স,৭ আগষ্টঃ উচ্চতম ন্যায়ালয়ৰ পৰা সকাহ লাভ কৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ঘূৰাই পালে সাংসদ পদ। উচ্চতম ন্যায়ালয়ে প্ৰত্যাহাৰ কৰিলে সাংসদ খাৰিজৰ নিৰ্দেশনা। এই খবৰে কংগ্ৰেছ শিবিৰত আনন্দময় পৰিৱেশৰ সৃষ্টি কৰিছে। এই ৰায়ৰ পাছতে এতিয়া ৰাহুল গান্ধীয়ে সদনৰ আলোচনাত অংশগ্ৰহণ কৰিব পাৰিব। লগতে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ২০২৪ চনৰ লোকসভা নিৰ্বাচনত। এয়া ৰাহুল গান্ধীৰ বাবে এক বৃহৎ জয় বুলি ক'ব পাৰি। উল্লেখ্য যে ২০১৯ চনত কৰ্ণাটকৰ কোলাৰত এক নিৰ্বাচনী জনসভাত ৰাহুল গান্ধীয়ে 'মোডী উপাধি' সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰিছিল। 'সকলো মোডী চোৰ' বুলি কৰা মন্তব্যৰ বাবে ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোডীয়ে গোচৰ ৰুজু কৰিছিল। ৰাহুল গান্ধীক চুৰাট আদালতে ২ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ইয়াৰ পাছত ৰাহুল গান্ধীৰ সাংসদ পদ বাতিল কৰা হৈছিল। লগতে তেওঁ তেওঁৰ চৰকাৰী বাংলো খালী কৰিব লগা হৈছিল। তাৰ পাছতে এই ৰায়ক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। গুজৰাট উচ্চ ন্যায়ালয়ে চুৰাট আদালতৰ ৰায় বাহাল ৰখাৰ পাছত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল নেতাগৰাকী। অৱশেষত উচ্চতম ন্যায়ালয়ে সকাহ দিলে ৰাহুল গান্ধীক।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment