গুৱাহাটী,৬ আগষ্টঃ গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পোহৰলৈ আহিছে ধৰ্ষণৰ ঘটনা। পশ্চিম বৰাগাঁৱত সংঘটিত হৈছে এই ধৰ্ষণৰ ঘটনা। অভিযোগ অনুসৰি নিচাযুক্ত দ্রব্য সেৱন কৰোৱাই এগৰাকী কিশোৰীক ধৰ্ষণ কৰে দুৰ্বৃত্তই। কিশোৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি চাৰিজনীয়া দুৰ্বৃত্তৰ এটা দলে এই দুষ্কাৰ্য সংঘটিত কৰে। ইতিমধ্যে ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী পৰিয়ালটো। ঘটনাৰ পাছতে এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে। POCSO আইনৰ অধীনত গড়চুক থানাত ২২৯/২৩ নম্বৰত গোচৰ ৰুজু হৈছে। জানিব পৰা মতে দেওবাৰলৈকে এই ঘটনাৰ লগত জড়িত ৩ অভিযুক্তক আটক কৰিছে গড়চুক আৰক্ষীয়ে। ঘটনাৰ লগত জড়িত মূল অভিযুক্ত বৰ্তমানেও পলাতক। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment