
গুৱাহাটী,৫ আগষ্টঃ নিয়মীয়া টিকাকৰণৰ পৰা বাদ পৰি যোৱা সকলো শিশুকে সামৰি লোৱাৰ লক্ষ্যৰে ৭ আগষ্টৰ পৰা অসমতো আৰম্ভ হ'ব মিছন ইন্দ্ৰধনুষৰ পঞ্চম পৰ্ব। ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে 'ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষ ৫.০' (আইএমআই ৫.০) শীৰ্ষক এই অভিযানৰ জৰিয়তে এতিয়াও টিকা নোলোৱাকৈ থকা ৫ বছৰ অনুৰ্দ্ধ শিশুসকলৰ লগতে গৰ্ভৱতী মহিলাসকলক ১২ টা শিশুকালীন গুৰুতৰ ৰোগৰ বিনামূলীয়া প্ৰতিষেধকৰ সুৰক্ষা-কৱচ প্ৰদান কৰিবলৈ ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। স্বাস্থ্য আৰু পৰিয়াল দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষ পঞ্চম পৰ্বৰ মূল লক্ষ্য-উদ্দেশ্যৰ লগতে প্ৰস্তুতিৰ সবিশেষ সদৰি কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে চলিত আগষ্টৰ লগতে ছেপ্তেম্বৰ আৰু অক্টোবৰৰ মাহত প্ৰতি মাহে ছদিনকৈ মুঠ তিনিটা পৰ্যায়ত ৰাজ্যৰ প্ৰতিখন জিলাতে জিলা আয়ুক্তৰ তদাৰকীত জিলা স্বাস্থ্য বিভাগে প্ৰতিটো উন্নয়ন খণ্ড আৰু চৰকাৰী স্বাস্থ্যসেৱা কেন্দ্ৰক সামৰি এই ব্যাপক টিকাকৰণ অভিযানৰ কাৰ্যসূচী ৰূপায়ন কৰিব। ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষৰ প্ৰথমটো পৰ্যায় ৭ আগষ্টৰ পৰা ১২ আগষ্টলৈ, দ্বিতীয়টো পৰ্যায় ১১ ছেপ্তেম্বৰৰ পৰা ১৬ ছেপ্তেম্বৰলৈ আৰু তৃতীয়টো পৰ্যায় ৯ অক্টোবৰৰ পৰা ১৪ অক্টোবৰলৈ ৰূপায়ন কৰিব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৭ আগষ্টত গোলাঘাট জিলাৰ বোকাখাটৰ বৰজুৰিত আনুষ্ঠানিকভাৱে অসমত ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষ ৫.০ উদ্বোধন কৰিব বুলি স্বাস্থ্যমন্ত্ৰী মহন্তই ঘোষণা কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে হেপাটাইটিছ বি, প'লিঅ', যক্ষ্মা, গলহেঙেৰা (ডিপথেৰিয়া), হুপিং কাহ (পাৰ্টুচ্চিছ), ধনুষ্টংকাৰ (টিটেনাছ), হিমোফিলিছ ইনফ্লুয়েঞ্জা-বি, ৰোটাভাইৰেল ডায়েৰিয়া, নিউমোনিয়া, সৰু আই (মিজলছ), ৰুবেলা আৰু জাপানীজ এনকেফেলাইটিজৰ দৰে গুৰুতৰ ৰোগৰ পৰা সুৰক্ষিত কৰিব পৰাকৈ স্বাস্থ্য বিভাগে নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ শূন্যৰ পৰা ৫ বছৰ বয়সৰ সকলো শিশুকে বিনামূলীয়া প্ৰতিষেধক প্ৰদান কৰি আহিছে। এই বাৰটা গুৰুতৰ ৰোগৰ সুৰক্ষা কৱচস্বৰূপ প্ৰতিষেধক প্ৰদানৰ নিয়মীয়া কাৰ্যসূচীৰ সময়ত কোনো কাৰণত টিকা গ্ৰহণৰ পৰা বাদ পৰি ৰোৱা পাঁচ বছৰৰ তলৰ প্ৰতিটো শিশুকে ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষৰ জৰিয়তে শিশুৰ জীৱনৰক্ষাকাৰী টিকাকৰণ কাৰ্যসূচীত অন্তৰ্ভুক্তিৰ প্ৰয়াস চলোৱা হ'ব। এই বিশেষ টিকাকৰণ অভিযানত ৰাজ্যখনত সৰু আই (মিজলছ) আৰু ৰুবেলা ৰোগ সম্পূৰ্ণ নিৰ্মূল কৰিব পৰাকৈ প্ৰতিখন জিলাতে এই দুই ৰোগৰ প্ৰতিষেধক প্ৰদানৰ হাৰ কমেও ৯৫ শতাংশলৈ উন্নীত কৰাৰো লক্ষ্য স্থিৰ কৰা হৈছে। মিজলছ আৰু ৰুবেলা ৰোগ দুবিধ অতি সংক্ৰামক যদিও প্ৰতিষেধকৰ দ্বাৰা এই দুয়োবিধ ৰোগকে সফলতাৰে প্ৰতিহত কৰিব পৰা যায়। তদুপৰি ধনুষ্টংকাৰ (টিটেনাছ) আৰু গলহেঙেৰা (ডিপথেৰিয়া) ৰোগৰ প্ৰতিষেধক ল'বলৈ বাকী থকা গৰ্ভৱতী মহিলাসকলকো মিছন ইন্দ্ৰধনুষৰ জৰিয়তে এই দুবিধ ৰোগৰ টিকা প্ৰদান কৰা হ'ব। তেওঁ প্ৰকাশ কৰা মতে মিছন ইন্দ্ৰধনুষ পঞ্চমৰ অধীনত ৰাজ্যখনৰ চাহ বাগিচা এলেকা, চৰাঞ্চল, বনভূমি এলেকা, পাহাৰীয়া অঞ্চল আৰু সঘন বানাক্ৰান্ত এলেকাসমূহৰ লগতে প্ৰব্ৰজনকাৰীৰ বসতিস্থলসমূহৰ শিশুসকলক টিকাকৰণত বিশেষ জোৰ দিয়া হ'ব। ৰাজ্যখনৰ পাঁচবছৰৰ তলৰ শিশুৰ পিতৃ-মাতৃ তথা অভিভাৱকসকলৰ লগতে গৰ্ভৱতী মহিলাসকলক ইনটেনছিফাইড মিছন ইন্দ্ৰধনুষৰ সফল কাৰ্যৰূপায়ন সুনিশ্চিত কৰাত পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে। আনহাতে সাংবাদমেলতে স্বাস্থ্যমন্ত্ৰী মহন্তই অসমত 'ইউ-উইন' ( U-WIN) শীৰ্ষক ডিজিটেল মাধ্যমত টিকাকৰণ প্ৰক্ৰিয়া পঞ্জীয়নৰ প'ৰ্টেল এটাও আনুষ্ঠানিক ভাৱে মুকলি কৰে। ক'ভিড-১৯ টিকাকৰণৰ সময়ত ব্যৱহৃত ক'-উইন (CO-WIN) প'ৰ্টেলৰ সাফল্যৰ আধাৰত নিয়মীয়া টিকাকৰণ কাৰ্যসূচীৰ তথ্যৰাজি শৃংখলাবদ্ধ ভাৱে ডিজিটেলৰূপত পঞ্জীয়নত ব্যৱহাৰৰ বাবে এই প'ৰ্টেলটো কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে প্ৰস্তুত কৰি উলিয়াইছে। উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থা আৰু ইউনিচেফে প্ৰকাশ কৰা শেহতীয়া 'ৰাষ্ট্ৰীয় প্ৰতিষেধক কাৰ্যসূচী বিষয়ক পূৰ্বানুমান প্ৰতিবেদনৰ তথ্য অনুসৰি ২০২২ বৰ্ষত ভাৰতে সাৰ্বজনীন টিকাকৰণ কাৰ্যসূচীত লক্ষ্যণীয় উন্নতি সাধিছে। ভাৰতে এপালিও প্ৰতিষেধক নোলোৱাকৈ থকা শিশুৰ সংখ্যা ২০২১ বৰ্ষৰ ২৭ লাখৰ পৰা ২০২২ বৰ্ষত ১১ লাখলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে। অসমতো সম্পূৰ্ণ টিকাকৰণ কাৰ্যসূচীৰ ক্ষেত্ৰত লাভ কৰা ৮৫ শতাংশ সাফল্যৰ হাৰে জনসাধাৰণৰ মাজত প্ৰতিষেধকক লৈ পূৰ্বৰ শংকা-দ্বিধা আশাব্যঞ্জক ভাৱে হ্ৰাস ঘটাটোকে সূচাইছে বুলি স্বাস্থ্য বিভাগৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে। সাংবাদিক মেলত স্বাস্থ্যমন্ত্ৰী মহন্তই ৰাজ্যৰ কিছুসংখ্যক লোক এতিয়াও প্ৰতিষেধকক লৈ শংকিত তথা দ্বিধাগ্ৰস্ত হৈ থকাৰ বিষয়ে উল্লেখ কৰি এনে দ্বিধা, সংকোচ তথা শংকা আঁতৰোৱাত আগ-ভাগ ল'বলৈ সংবাদ মাধ্যমকো আহ্বান জনায়।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment