গুৱাহাটী,১৩ ছেপ্তেম্বৰঃ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাৰ সুফল আৰু সা-সুবিধাসমূহ তৃণমূল পৰ্যায়ত বাস কৰা সমাজৰ একেবাৰেই পিছপৰা-দুৰ্বল শ্ৰেণীৰ জনসাধাৰণৰ বাবেও সুলভ কৰাৰ লগতে জনসজাগতা বৃদ্ধিৰ লক্ষ্যৰে দেশজুৰি ১৭ ছেপ্তেম্বৰৰ পৰা ২ অক্টোবৰলৈ 'আয়ুস্মান ভৱ' অভিযান চলাব স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুয়ে আজি গুজৰাটৰ ৰাজভৱনৰ পৰা আনুষ্ঠানিকভাৱে আয়ুস্মান ভৱ পৰ্টেল উন্মোচনেৰে এই ৰাষ্ট্ৰজোৰা পষেকীয়া বিশেষ স্বাস্থ্যসেৱা অভিযান শুভাৰম্ভ কৰাৰ পাছতে অসমতো ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই আয়ুস্মান ভৱ অভিযানৰ ৰাজ্যিক কাৰ্যসূচী মুকলি কৰে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড° মনসুখ মান্দাভিয়া, কেন্দ্ৰীয় স্বাস্থ্য ৰাজ্য মন্ত্ৰীদ্বয় ডাঃ ভাৰতী প্ৰবীণ পাৱাৰ আৰু অধ্যাপক এছ পি সিং বাঘেলেও নতুন দিল্লীৰ পৰা ভাৰ্চুৱেলী অংশগ্ৰহণ কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শুভাৰম্ভণি অনুষ্ঠানৰ সৈতে সংগতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত বুধবাৰে দুপৰীয়া আয়োজিত ৰাজ্যিক স্তৰীয় শুভাৰম্ভণি অনুষ্ঠানত ৰাজ্যপাল কাটাৰিয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰা এই অনুষ্ঠানত ৰাজ্যপালগৰাকীয়ে অসমত এই পষেকীয়া বিশেষ স্বাস্থ্যসেৱা অভিযান উদ্বোধন কৰি দিয়া ভাষণত কয় যে আজাদী কা অমৃতকালত আয়োজিত আয়ুস্মান ভৱ অভিযানে অসমতো সমাজৰ একেবাৰেই পিচপৰা-দুৰ্বল শ্ৰেণীৰ লগতে দুৰ্গম অঞ্চলত বাস কৰা বৃহৎ সংখ্যক জনসাধাৰণক চৰকাৰী স্বাস্থ্যসেৱা ব্যৱস্থাৰ সা-সুবিধাসমূহ উপলব্ধ কৰোৱাৰ উপৰি চৰকাৰৰ স্বাস্থ্য নিশ্চয়তাৰ আঁচনিৰে সামৰি লোৱাটোও সুনিশ্চিত কৰিব। যক্ষ্মাৰোগমুক্ত ভাৰত অভিযানৰ অধীনত অসমতো যাতে এগৰাকীও যক্ষ্মাৰোগী নিক্ষয়মিত্ৰৰে সংযোজিত হোৱাৰ পৰা বাদ পৰি নৰয়, তাৰ বাবে ব্যৱস্থা ল'বলৈ স্বাস্থ্য বিভাগক ৰাজ্যপালগৰাকীয়ে আহ্বান জনায়। একেদৰে অংগদান আৰু ৰক্তদানক মহানতম মানৱসেৱা বুলি অভিহিত কৰি ৰাজ্যপালগৰাকীয়ে ৰাজ্যখনৰ সকলো ব্লাডবেংকতে তেজ মজুত ৰখাৰ সুব্যৱস্থা কৰিবলৈও স্বাস্থ্য বিভাগক দিহা দিয়ে। অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে ৰাজ্যখনৰ সকলো অঞ্চলতে আধুনিক চিকিৎসা সেৱা সুলভ কৰি 'সকলোৰে বাবে স্বাস্থ্য'ৰ লক্ষ্যত উপনীত হোৱাৰ দিশত অসম চৰকাৰে আন্তৰিকতাৰে প্ৰয়াস চলাইছে। আয়ুস্মান ভৱ অভিযান সন্দৰ্ভত মন্ত্ৰী মহন্তই কয়, 'আয়ুস্মান ভৱ কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখনৰ একেবাৰেই ভিতৰুৱা অংশত বাসকৰা আৰু সমাজৰ দুৰ্বল অংশৰ লোকসকলৰ পদূলিমুখলৈ ৰাজহুৱা স্বাস্থ্যসেৱা ব্যৱস্থাক লৈ যাবলৈ বিচৰা হৈছে। ইয়াৰ জৰিয়তে তেওঁলোককো চৰকাৰৰ বিভিন্ন স্বাস্থ্যসেৱা আঁচনিৰে সামৰি লোৱাটো সুনিশ্চিত কৰি ৰাজহুৱা স্বাস্থ্যসেৱাৰ সুবিধাৰাজি উপলব্ধ কৰাবলৈ স্বাস্থ্য বিভাগে অভিযান চলাব।' আনহাতে আয়ুস্মান ভাৰত কাৰ্ড প্ৰস্ততকৰণ আৰু বিতৰণৰ ক্ষেত্ৰত অসম দেশৰ ৰাজ্যসমূহৰ ভিতৰতে আগবাঢ়ি থকা বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনৰ আয়ুস্মান কাৰ্ডৰ সমান্তৰালকৈ অসম চৰকাৰেও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ উদ্যোগত ৰাজ্যখনৰ সকলো ৰেচনকাৰ্ডধাৰী পৰিয়ালকে বছৰি ৫ লাখ টকা পৰ্যন্ত চিকিৎসা সেৱাৰ নিশ্চয়তা প্ৰদানেৰে আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অনুৰূপ কাৰ্ড প্ৰদানৰ ব্যৱস্থা কৰা বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰী মহন্তই কয়, 'অসমত আয়ুস্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা আৰু আয়ুস্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত বছৰি পাঁচলাখ টকালৈ বিনামূলীয়া চিকিৎসা সেৱাৰ নিশ্চয়তাৰে মুঠ ১.৯৮ কোটি লোকক আয়ুস্মান কাৰ্ড প্ৰদানৰ লক্ষ্য ৰাজ্য চৰকাৰে স্থিৰ কৰিছে। ইতিমধ্যে যোৱা ১৪ এপ্ৰিলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১.১০ কোটি লোকৰ আয়ুস্মান কাৰ্ড আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ পাছত ইয়াৰে ৪৫ লাখ কাৰ্ড ঘৰে ঘৰে গৈ বিতৰণ কৰা হৈছে।' একেদৰে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবেও আয়ুস্মান অসম মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা শীৰ্ষক এখন স্বাস্থ্য নিশ্চয়তা আঁচনি শীঘ্ৰে কাৰ্যৰূপায়ন কৰা হ'ব বুলি তেওঁ ঘোষণা কৰে। আজিৰ অনুষ্ঠানত যক্ষ্মা ৰোগমুক্ত ভাৰত নিৰ্মাণৰ যাত্ৰাত গুৰুত্বপূৰ্ণ সহযোগিতা আগবঢ়োৱা কেইগৰাকীমান নিক্ষয় মিত্ৰক ৰাজ্যপাল কাটাৰিয়াই সম্বৰ্ধনা জনোৱাৰ লগতে ৩০ৰ পৰা শতাধিকবাৰ পৰ্যন্ত ৰক্তদান কৰা পাঁচগৰাকী ৰক্তদাতাকো প্ৰমাণ পত্ৰ প্ৰদান কৰে।



0 Comments:
Post a Comment