গুৱাহাটীত আই চি চি এদিনীয়া বিশ্বকাপৰ ট্ৰফী উন্মোচন




গুৱাহাটী,১৩ ছেপ্টেম্বৰঃ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত বুধবাৰে উন্মোচন কৰা আই চি চি এদিনীয়া বিশ্বকাপৰ ট্ৰফী। বি চি চি আইৰ যুটীয়া সচিব দেৱজিৎ শইকীয়া, অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু সম্পাদক ত্ৰিদীপ কোঁৱৰে ক্ৰিকেট অনুৰাগী, অসম ক্ৰিকেট সন্থাৰ বিষয়ববীয়া, প্ৰাক্তন তথা বৰ্তমানৰ খেলুৱৈৰ হৰ্ষোল্লাসৰ মাজেৰে আনুষ্ঠানিক ভাৱে উন্মোচন কৰে এই ট্ৰফী। পোন প্ৰথমবাৰৰ বাবে অসমৰ ভূমিত উন্মোচিত হ'ল ক্ৰিকেট বিশ্বকাপৰ ট্ৰফী। সাক্ষী হৈ ৰ'ল কেইবাটাও প্ৰজন্মৰ ক্ৰিকেট অনুৰাগী। সাক্ষী হৈ ৰ'ল শিক্ষাৰ্থী। ২৭ জুনত যাত্ৰা আৰম্ভ কৰা এদিনীয়া বিশ্বকাপ ট্ৰফীয়ে বিশ্বৰ মুঠ ১৮ খন দেশ ভ্ৰমণ কৰি পুনৰ ঘূৰি আহিছে ভাৰতলৈ। প্ৰথমবাৰৰ বাবে এই ট্ৰফী আহিল গুৱাহাটীলৈ। বৰ্ষাপাৰ ক্ৰিকেট ষ্টেডিয়ামত মুকলি কৰাৰ পূৰ্বে গুৱাহাটীৰ অভিজাত শিক্ষানুষ্ঠান ছাউথ পইণ্ট স্কুলৰ চৌহদত প্ৰথমে প্ৰৱেশ কৰে আই চি চি বিশ্বকাপৰ ট্ৰফীয়ে। ৰিয়ান পৰাগ, অন্যতম ৰাজকোঁৱৰ, অস্মিতা চলিহাকে ধৰি একাধিক ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াবিদৰ অধ্যয়নৰস্থলী ছাউথ পইণ্ট স্কুলতেই সোণালী আৰু ৰূপালী ৰঙৰ সংমিশ্ৰণৰ আই চি চিৰ ট্ৰফীক বিহুৰে আদৰণি জনোৱা হয়। ট্ৰফীটোক বিহুৰে আদৰণি জনোৱাৰ লগতে এন চি চিৰ গোটে পেৰেডেৰে আগুৱাই নিয়ে। প্ৰথমবাৰৰ বাবে এইদৰে আই চি চিৰ এদিনীয়া বিশ্বকাপৰ ট্ৰফীটো চকুৰ সন্মুখত দেখি আনন্দত আত্মহাৰা হৈ পৰিল শিক্ষাৰ্থীসকল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment