স্বাস্থ্য বিভাগত অস্বাস্থ্যকৰ কৰ্মত উদ্বেগ প্ৰকাশ মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াৰ



গহপুৰ, বিশ্বনাথ আৰু তেজপুৰৰ প্ৰতিনিধি,১০ ছেপ্টেম্বৰঃ অসমত পূৰ্বৰ তুলনাত সৰ্প দংশনৰ ঘটনা আৰু হৃদৰোগ ব্যাপকভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। আন বহু স্বাস্থ্যজনিত জৰুৰীকালীন সেৱাৰ লগতে এই দুয়োটা জৰুৰীকালীন চিকিৎসা ব্যৱস্থাৰ অন্তৰ্গত হোৱা উচিত যদিও দেশৰ স্বাধীনতাৰ ৭৫ বছৰ পিছতো বৰ্তমান অসমৰ স্বাস্থ্যখণ্ডৰ এনে পয়ালগা তথা শোচনীয় অৱস্থাত আছে। এই সন্দৰ্ভত অলপতে দেশৰ বিশিষ্ট অন্ধবিশ্বাস বিৰোধী নেতা, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজকৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই গহপুৰ কনকলতা বৰুৱা মহকুমা অসামৰিক  চিকিৎসালয়, বিশ্বনাথ মহকুমা অসামৰিক চিকিৎসালয়, তেজপুৰ চিকিৎসা মহাবিদ্যালয় আদি পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কেওখন চিকিৎসালয়ৰ শোচনীয় ব্যৱস্থাক তীক্ষ্ণভাৱে সমালোচনা কৰে। ডঃ শইকীয়াই গহপুৰ অসামৰিক চিকিৎসালয়ত  ৩০টা এন্টি স্নেক ভেনম পতক্ষ কৰে যদিও চিকিৎসালয়ৰ কৰ্তৃপক্ষই ডঃ শইকীয়াক অৱগত কৰে যে উক্ত চিকিৎসালয়ত আজিলৈকে  কোনো সৰ্প দংশনৰ ৰোগীক চিকিৎসা প্ৰদান কৰা হোৱা নাই। কাৰণ উপযুক্ত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱ। ইফালে বিশ্বনাথ অসামৰিক চিকিৎসালয় পৰিদৰ্শনকালত ডঃ দিব্যজ্যোতি শইকীয়া এক নাভূত-নাশ্ৰুত পৰিস্থিতিৰ সন্মুখীন হয়। বিশ্বনাথ মহকুমা চিকিৎসালয়ৰ অধ্যক্ষ ডাঃ জোনালী গগৈয়ে অসমত বিষধৰ সাপ নায়েই বুলি অদ্ভুত যুক্তি দৰ্শায়। কৰ্তৃপক্ষৰ মুখত এনে হাস্যকৰ টুলুঙা মন্তব্যত ডঃ শইকীয়া আচৰিত হৈ পৰে। তেওঁলোকে তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে। অসমৰ প্ৰায় প্ৰতিখন চিকিৎসালয়ৰ কেৱল মাত্ৰ ৰেফাৰ কৰা মানসিকতাৰ হতাশজনক প্ৰতিছবি। আজি পুৱাৰ ভাগত বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া উপস্থিত হয় তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত। তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ তেওঁ হতস্তম্ভ হয়। কাৰণ যিসমূহ চিকিৎসালয়ে এনে ধৰণৰ বৃহৎ বৃহৎ চিকিৎসা মহাবিদ্যালয়লৈ ৰেফাৰ কৰে তেনে চিকিৎসা মহাবিদ্যালয়ত নাই কোনো হৃদৰোগ বিশেষজ্ঞ তথা নাই সৰ্প দংশনৰ ওপৰত পাৰদৰ্শিতা থকা কোনো প্ৰশিক্ষনপ্ৰাপ্ত চিকিৎসক  তথা চিকিৎসাকৰ্মী। কেৱল দুখন বিছনাৰে চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই চলাই আহিছে সৰ্প দংশনৰ দৰে জৰুৰীকালীন চিকিৎসা ব্যৱস্থা। সমগ্ৰ বিষয়ৰ ওপৰত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই অসম  চৰকাৰৰ স্বাস্থ্য বিভাগে সাধাৰণ নাগৰিকৰ প্ৰতি কৰা এনে অৱহেলাক চূড়ান্তভাৱে মৌলিক অধিকাৰ তথা মানৱ অধিকাৰ উলঙ্ঘন কৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ শীঘ্ৰে অসমৰ স্বাস্থ্য খণ্ডক অট্টালিকামুখী নকৰি  সাধাৰণ নাগৰিকৰ বাবে ধনাত্মক দিশত কাম  কৰিবলৈ চৰকাৰক দাবী জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment