কৰুণাধাৰালৈ ৪ লাখ টকাৰ আৰ্থিক সাহাৰ্য্য মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ



গুৱাহাটী,১০ ছেপ্টেম্বৰঃ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট শিক্ষাবিদ প্ৰয়াত হোমেন বৰগোহাঞিৰ নেতৃত্বত সমাজৰ বিশেষ ভাৱে সক্ষম আৰু আৰ্থিক ভাৱে দুৰ্বল সকলৰ চিকিৎসা সেৱাৰ বাবে গঠন হোৱা স্বেচ্ছাসেৱী অনুষ্ঠান 'কৰুণাধাৰা' লৈ বিভিন্ন সময়ত বিভিন্ন জনে আৰ্থিক সাহায্য আগবঢ়াই আহিছে। কাৰোবাৰ সন্তানৰ জন্ম দিনত, কাৰোবাৰ পিতৃ -মাতৃৰ বছৰেকীয়া শ্ৰাদ্ধানুষ্ঠানত কৰুণাধাৰালৈ আৰ্থিক সাহায্য আগবঢ়াই এই মহান অনুষ্ঠানটিৰ কৰ্মকৰ্তা সকলক অসমৰ ৰাইজে আৰ্তজনক সহায় কৰাত সাহস আৰু প্ৰেৰণা যোগাই আহিছে। আজি দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাত মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাই কৰুণাধাৰালৈ চাৰি লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াই সকলো শ্ৰেণীৰ ৰাইজৰে প্ৰশংসা বুটলি কৰুণাধাৰাক উৎসাহিত কৰে। আজিৰ এই বিশেষ সভাখনত কৰুণাধাৰাৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰতুল চন্দ্ৰ ফুকন, সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মা, ন্যাসৰক্ষী ডাঃ অঞ্জনজ্যোতি চৌধুৰী, ডাঃ ৰুবী কটকী, মহানগৰ সমিতিৰ সম্পাদক মানৱজ্যোতি দাস, সদস্য ৰাতুল দত্ত, অনিন্দিতা কলিতা আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ ৰাজদূত সন্থাৰ ৰাষ্ট্ৰীয় উপ-সভাপতি ধনঞ্জয় তালুকদাৰে  বক্তব্য আগবঢ়ায়। মেঘাচাম শিল ব্যৱসায়ী কল্যাণ সন্থাৰ পৰা সম্পাদক গিৰিকান্ত মহন্ত, উপ-সভাপতি লাচিত বড়ো, পঙ্কজ মেধি, ধনেশ্বৰ ডেকা আদি ব্যক্তিসকল উপস্থিত থাকে। উল্লেখ্য যে এই সভাতেই কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱা ৰূপালী দেৱীৰ স্বামীৰ হাতত দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ পৰা সভাপতি অখিল চন্দ্ৰ গোস্বামীয়ে নগদ পচিশ হাজাৰ টকা আগবঢ়ায়। দক্ষিণ বৰসজাই মৈদাম দুৰ্গা মন্দিৰ পৰিচালনা সমিতিৰ আই-মাতৃ সকলে দুৰ্গা বন্দনাৰে আৰম্ভ কৰা সভাখনৰ আতঁ ধৰে মন্দিৰ পৰিচালনা সমিতিৰ হীৰেণ চহৰীয়াই। মানৱ দৰদী সংস্থা কৰুণাধাৰাই বিভিন্ন দিব্যাংগ, কৰ্কট ৰোগী আৰু আৰ্তজনক বৰ্তমানলৈকে চাৰি কোটি আশী লাখৰো অধিক অৰ্থ সাহাৰ্য জন্মলগ্নৰে পৰা বৰ্তমানলৈকে আগবঢ়োৱা বুলি কৰুণাধাৰাৰ সম্পাদকে জানিবলৈ দিয়ে। লগতে কৰুণাধাৰাৰ এই মানৱ সেৱাৰ যাত্ৰাত সকলোৰে সহযোগীতা কামনা কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment