গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৩সংখ্যক প্ৰতিষ্ঠা দিৱসত ৰাজ্যপাল। ৰোগীৰ প্ৰতি ব্যৱহাৰ-চিকিৎসাত সুৰুঙা নাৰাখিবলৈ আহ্বান।
গুৱাহাটী,২০ ছেপ্তেম্বৰঃ ৰোগী আৰু চিকিৎসকৰ মাজত সদায়ে সৌহাৰ্দপূৰ্ণ সম্পৰ্কৰ পোষকতা কৰিছে ৰাজ্যপাল গোলাপ চান্দ কাটাৰিয়াই। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৬৩ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ গ্ৰহণ কৰি বুধবাৰে ৰাজ্যপালগৰাকীয়ে কয় যে সমাজত চিকিৎসা বৃত্তি এক অতি সন্মানীয় পেচা। সৰ্বসাধাৰণ লোকৰ মাজত চিকিৎসকসকলৰ প্ৰতি অপৰিসীম সন্মান আৰু শ্ৰদ্ধা থাকে। সেয়ে চিকিৎসকসকলেও প্ৰতিগৰাকী ৰোগীৰ সৈতে অতি ভাল ব্যৱহাৰ কৰিব লাগে বুলি ৰাজ্যপালগৰাকীয়ে কয়। লগতে ৰোগীৰ চিকিৎসাত যাতে কোনো সুৰুঙা থাকি নাযায় সেয়া চিকিৎসকসকলে সুনিশ্চিত কৰিব লাগে বুলিও কয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত ৰাজ্যৰ এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰে ৰাজ্যপাল কাটাৰিয়াই। ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা দপ্তৰৰ মন্ত্ৰী কেশৱ মহন্তই বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানটোত ৰাজ্যপাল গৰাকীয়ে কয় যে সৰ্বসাধাৰণ লোকৰ বাবে উপযুক্ত চিকিৎসা সেৱা সুনিশ্চিত কৰিবলৈ চৰকাৰে চলাই অহা প্ৰয়াসত চিকিৎসকসকলে অত্যন্ত মহত্বপূৰ্ণ অৰিহণা যোগাই আহিছে। ১৯৬০ চনত প্ৰতিষ্ঠা লাভ কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ এই দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ে অসমৰ স্বাস্থ্যসেৱা খণ্ডৰ উত্তৰণত প্ৰমুখ ভূমিকা গ্ৰহণ কৰি অহা বুলি দোহাৰি ৰাজ্যপালগৰাকীয়ে আগন্তুক দিনতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে এই ধাৰা নিষ্ঠাৰে অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰে। চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত বহিঃৰোগী সেৱা বিভাগত (অ'পিডি) চিকিৎসা গ্ৰহণৰ বাবে দূৰ-দূৰণীৰ পৰা অহা ৰোগীয়ে দীঘলীয়া শাৰী পাতি বহুসময় অপেক্ষা কৰিব লগা হোৱাৰ দিশটো উনুকিয়াই ৰাজ্যপালগৰাকীয়ে প্ৰতিখন চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষকে ইয়াৰ উপযুক্ত সমাধান উলিয়াই ৰোগীসকলক সকাহ দিবলৈ দিহা দিয়ে। ৰাজ্যপাল কাটাৰিয়াই চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়কে ধৰি সকলো চৰকাৰী চিকিৎসালয়েই সম্পূৰ্ণ চাফ-চিকুণ হৈ থকাটো সুনিশ্চিত কৰাৰো পোষকতা কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই অসমত চিকিৎসা শিক্ষাৰ বাট কাটি থৈ যোৱা ব্ৰিটিছ চিকিৎসক ডাঃ জ'ন বেৰী হোৱাইটৰ অৱদানক শ্ৰদ্ধাৰে স্মৰণ কৰি ৰাজ্যখনৰ চিকিৎসা মহাবিদ্যালয়সমূহত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰা প্ৰতিগৰাকী শিক্ষাৰ্থীকে ডাঃ হোৱাইটৰ মানৱপ্ৰেমৰ মহান আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ জনসাধাৰণৰ মাজত চিকিৎসা সেৱা আগবঢ়াবলৈ আহ্বান জনায়। শৈক্ষিক দিশত নিৰন্তৰ উৎকৰ্ষতাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে আগন্তুক দিনত দেশৰ ভিতৰতে এখন নামজ্বলা চিকিৎসা শিক্ষানুষ্ঠানৰ ৰূপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ'ব বুলিও অনুষ্ঠানত আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে। এইক্ষেত্ৰত প্ৰয়োজনীয় আন্তঃগাথঁনি সংবৰ্ধনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিকিৎসা মহাবিদ্যালয়খনলৈ সকলো সহযোগিতা আগবঢ়াব বুলি দোহাৰি মন্ত্ৰী মহন্তই ৰাষ্ট্ৰীয় স্তৰত অসমৰ চিকিৎসা শিক্ষাৰ ক্ষেত্ৰখনক উজ্বলাই তোলাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে আগভাগ লোৱাৰ আহ্বান জনায়। তেওঁ কয় যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে শৈক্ষিক দিশটোত সৰ্বাধিক মনোনিৱেশ কৰি এইক্ষেত্ৰত ৰাজ্যখনৰ আনকেইখন চিকিৎসা মহাবিদ্যালয়ৰ বাবেও পথ প্ৰদৰ্শকৰ ভূমিকা গ্ৰহণ কৰা উচিত। কেৱল অসম বা উত্তৰ পূৰ্বাঞ্চলৰে আগশাৰীৰ চিকিৎসা শিক্ষানুষ্ঠান হৈ নাথাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ে আগন্তুক দিনত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় স্তৰতো নিজৰ এক সুকীয়া পৰিচিতি গঢ়াত মনোনিৱেশ কৰাৰ সময় এতিয়া আহি পৰিছে বুলি মন্ত্রীগৰাকীয়ে সদৰি কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা-পৰিকল্পনাৰে অসম চৰকাৰে ৰাজ্যখনৰ প্ৰতিটো অঞ্চলৰ ৰাইজৰ বাবে অত্যাধুনিক তথা সুলভ চিকিৎসা সেৱা উপলব্ধ কৰাবলৈ অত্যন্ত আন্তৰিকতাৰে প্ৰয়াস চলাই থকা বুলি উল্লেখ কৰি মন্ত্ৰী মহন্তই কয় যে চলিত বৰ্ষত একেলগে তিনিখনকৈ নতুন চিকিৎসা মহাবিদ্যালয়ত এম বি বি এছৰ পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পাছত অহা বছৰ তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়তো চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি কৰিবলৈ ইতিমধ্যে চৰকাৰে প্ৰস্তুতি চলাইছে। মুখ্যমন্ত্ৰীৰ বিশেষ প্ৰচেষ্টাৰ অংশ হিচাপে ৰাজ্য চৰকাৰে আগন্তুক তিনি-চাৰি বছৰমানৰ ভিতৰতে ৰাজ্যখনত মুঠ ২৪খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিবলৈ সাজু হোৱা বুলিও মন্ত্রীগৰাকীয়ে প্ৰকাশ কৰে। জি এম চিৰ প্ৰতিষ্ঠা দিৱসৰ আজিৰ কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ আয়ুক্ত সচিব ড° সিদ্ধাৰ্থ সিং, শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ধ্ৰুৱজ্যোতি বৰা, চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ বৰ্মন, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য আৰু পদাধিকাৰী সকলৰ সভাপতি ডাঃ পাৰ্থ প্ৰতিম দাসে অংশ গ্ৰহণ কৰে। উল্লেখ্য যে চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি চিকিৎসা মহাবিদ্যালয়ৰ ১৯৭২ শিক্ষাবৰ্ষৰ শিক্ষাৰ্থীসকলে জি এম চি এইচ চৌহদত নিৰ্মাণ কৰা 'ভেষজ চিকিৎসাৰ জনক' প্ৰাচীন ভাৰতীয় মহৰ্ষি চৰকৰ পূৰ্ণাংগ প্ৰতিমূৰ্তি এটাও আজি পুৱাৰ ভাগত স্বাস্থ্যমন্ত্ৰী মহন্তই উন্মোচন কৰে। তদুপৰি চিকিৎসা মহাবিদ্যালয়খনত নতুনকৈ সংযোজিত কাজিৰঙা আৰু মানস নামৰ দুটা অত্যাধুনিক ডিজিটেল শ্ৰেণীকোঠাও বিভাগীয় মন্ত্ৰীগৰাকীয়ে আজি উদ্বোধন কৰে। জি এম চিত কমদিনৰ ভিতৰতে মুঠ পাঁচটা নতুন অত্যাধুনিক ডিজিটেল শ্ৰেণীকোঠা নিৰ্মাণ কৰা হ'ব বুলিও স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে অনুষ্ঠানত জানিবলৈ দিয়ে। ইফালে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্যবিজ্ঞান বিশ্ববিদ্যালয়ৰ দ্বাৰা পৰিচালিত চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ পৰীক্ষাত কেওখন চিকিৎসা মহাবিদ্যালয়ৰ ভিতৰতে স্থান লাভ কৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৃতী শিক্ষাৰ্থীসকলকো আজিৰ অনুষ্ঠানতে ৰাজ্যপাল আৰু স্বাস্থ্যমন্ত্ৰীয়ে বঁটা প্ৰদান কৰে।



0 Comments:
Post a Comment