চচলত ক'ভিড যোদ্ধাৰ কাষত মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া



গুৱাহাটী,২০ ছেপ্টেম্বৰঃ ২০২০ আৰু ২০২১ বৰ্ষত ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। দেশৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো স্থায়ী আৰু অস্থায়ী বহুতো চিকিৎসালয়ত হাজাৰ হাজাৰ লোকক আবদ্ধ কৰি চিকিৎসা কৰা হৈছিল। এনে সময়তে বহুবোৰ অস্থায়ী চিকিৎসা কেন্দ্ৰত অসম চৰকাৰে ১৩২৪জন লোকক চাফাই কৰ্মী হিচাপে নিয়োগ কৰিছিল। সেই সময়ত তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাফাই কৰ্মী সকলক স্থায়ী নিযুক্তিৰ প্ৰতিশ্ৰুতি দি অস্থায়ীভাৱে তেওঁলোকক কামত নিয়োগ কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাবে আজি পৰ্যন্ত এই চাফাই কৰ্মী সকলক স্থায়ীভাৱে নিযুক্তি প্ৰদান কৰা নাই। সেয়ে আজি দহ দিন ধৰি চাফাই কৰ্মী সকলে গুৱাহাটীৰ চছলত শান্তিপূৰ্ণ প্ৰতিবাদ তথা অনশনত ব্ৰতী হৈ আছে। আজি এই অনশনস্থলীত উপস্থিত হয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। ডঃ শইকীয়াই চাফাই কৰ্মী সকলৰ দুখ দুৰ্দশাৰ বুজ লৈ সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ক'ভিড কালত ক'ভিডৰ বিৰুদ্ধে  চাফাই কৰ্মী সকলেই আছিল প্ৰথম শাৰীৰ যোদ্ধা। এই চাফাই কৰ্মী সকলে সেই সময়ত মানৱ জাতিৰ জীৱন ৰক্ষাৰ বাবে বহু ত্যাগ স্বীকাৰ কৰি সেৱা আগবঢ়াইছিল। তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী তথা আজিৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছিল যে এওঁলোকক স্থায়ীভাবে নিযুক্তি প্ৰদান কৰা হ'ব। কিন্তু আচৰিত যে মানৱ জাতিৰ বিপদৰ সময়ত নিজৰ জীৱনৰ প্ৰতি মায়া মোহ ত্যাগ কৰি কাম কৰা এই চাফাই কৰ্মী সকলক চৰকাৰে বঞ্চিত কৰি ৰাখিছে। ইয়াক প্রৱঞ্চনাৰ ঘটনা আখ্যা দিয়ে ডঃ শইকীয়াই। উল্লেখ্য যে বিগত ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত ভাৰত চৰকাৰৰ এজন সচিব পৰ্যায়ৰ বিষয়া ভি কে ভাল্লাই অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বত থকা প্ৰধান সচিব সমীৰ কুমাৰ সিনহাক পত্ৰ যোগে ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে যদিও আজিকোপতি কোনো ধৰণৰ ব্যৱস্থা অসম চৰকাৰে গ্ৰহণ নকৰাত বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই চৰকাৰক তীক্ষ্ণ ভাৱে সমালোচনা কৰাৰ লগতে অনতিপলমে চাফাই কৰ্মী সকলৰ দাবী মানি লবলৈ অসম চৰকাৰক দাবী জনায়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment