


গুৱাহাটী,৮ ছেপ্টেম্বৰঃ ৰাজ্যৰ আওহতীয়া আৰু দুৰ্গম অঞ্চলৰ পথাৰসমূহত জলসিঞ্চনৰ অভাৱত খেতি কৰিব নোৱৰা কৃষকসকললৈ আশাৰ বতৰা কঢ়িয়াই জলসিঞ্চন বিভাগে এক নতুন উদ্ভাৱনীমূলক পদক্ষেপ গ্ৰহণ কৰিছে। বিভাগটোৱে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা এক যুগান্তকাৰী পাইলট প্ৰকল্পই ৰাজ্যখনৰ জলসিঞ্চনৰ পদ্ধতিৰ ক্ষেত্ৰত নতুন সম্ভাৱনীয়তাৰ উন্মেষ ঘটাইছে। কামৰূপ জিলাৰ বকো অঞ্চলত পৰীক্ষামূলক প্ৰকল্প হিচাপে মুকলি কৰা এই সৌৰচালিত ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনিয়ে সম্প্ৰতি উল্লেখযোগ্য সফলতা প্ৰদৰ্শন কৰিছে। জলসিঞ্চন বিভাগৰ বকো-ছয়গাঁও সংমণ্ডলৰ অন্তৰ্গত বকোৰ বৰবিল গাঁৱত যোৱা ১২ আগষ্টত বিভাগটোৰ মুখ্য অভিযন্তা কে এম চানা ৰাজকুমাৰে উদ্বোধন কৰা এই আঁচনিখনক লৈ স্থানীয় বাসিন্দাসকলে যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰিছে, যিয়ে এলেকাটোৰ কৃষকসকলৰ কৃষিভূমিত পানী যোগানৰ ক্ষেত্ৰত যথেষ্ট সকাহ প্ৰদান কৰিছে। এই অভিনৱ প্ৰকল্পটোৱে ৰাজ্যৰ দুৰ্গম অঞ্চলৰ কৃষকসকলক জলসিঞ্চনৰ সুবিধা প্ৰদান দিশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিব পৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে সৌৰচালিত ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনি হৈছে সৰ্বাধিক নমনীয়তাৰ বাবে ডিজাইন কৰা এক লিফ্ট জলসিঞ্চন আঁচনি। ইয়াৰ অনন্য বৈশিষ্ট্যসমূহৰ ভিতৰত আছে এটা পাম্প ষ্টেচন, যিটো প্ৰয়োজন অনুসৰি বিভিন্ন অঞ্চল সামৰি ল’ব পৰাকৈ সহজেই স্থানান্তৰ কৰিব পাৰি। ইউপিভিচি বেৰেলত ভাঁহি থকা এটা প্লেটফৰ্মত পাম্পটো স্থাপন কৰা হৈছে আৰু সৌৰ পেনেলসমূহ একেটা প্লেটফৰ্মতে সংযুক্ত কৰা হৈছে, যাৰ ফলত এহাতে ই যথেষ্ট মিতব্যয়ী হোৱাৰ লগতে ইয়াৰ ওজনো যথেষ্ট পাতল, যাৰ ফলত পৰিবহনৰ বাবেও অনুকূল হৈ পৰিছে। এই প্ৰকল্পত এক অত্যাধুনিক পাম্প ব্যৱহাৰ কৰা হয়, যিয়ে ডাৱৰীয়া দিনতো দীৰ্ঘ সময়ৰ বাবে ইয়াক সক্ৰিয় হৈ থকাত সহায় কৰে। অতিৰিক্তভাৱে, প্ৰকল্পটোৰ অবিৰত নিৰীক্ষণৰ বাবে এক উন্নত প্ৰযুক্তিৰো ব্যৱস্থা ৰখা হৈছে। সৌৰচালিত এই ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনিয়ে আন কেতবোৰ সুবিধাও প্ৰদান কৰে। ইয়াৰ উন্নত কাৰ্যক্ষমতাৰ বাবে কম সৌৰ পেনেলৰ প্ৰয়োজন হয়। তদুপৰি, যিহেতু ই সৌৰচালিত, সেয়ে বিদ্যুতৰ বাবে অতিৰিক্ত খৰচৰ প্ৰশ্নই নাহে। ইয়াৰ ফলত বিনিয়োগৰ দ্ৰুত লাভ নিশ্চিত হয়। ইয়াৰ নিৰ্মাণত এবাৰ ব্যৱহৃত ইউপিভিচি বেৰেল ব্যৱহাৰ কৰিব পাৰি আৰু দূৰৱৰ্তী যিকোনো স্থানলৈ নি ইয়াক এঘণ্টাৰ ভিতৰতে সহজে ব্যৱহাৰৰ বাবে সাজু কৰি তুলিব পাৰি। সৌৰ পেনেল আৰু পুনঃব্যৱহৃত সামগ্ৰীৰ ব্যৱহাৰৰ বাবে এই ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনি যথেষ্ট পৰিৱেশ অনুকূল হিচাপেও বিবেচিত হৈছে। ইয়াৰ উপৰি, এই প্ৰকল্পৰ লাইভ নিৰীক্ষণৰ বাবে গতি সেন্সৰযুক্ত চিচি কেমেৰাৰ ব্যৱস্থা আছে। সেইদৰে ইয়াত এটা IoT-ভিত্তিক দূৰৱৰ্তী নিৰীক্ষণ ব্যৱস্থাও ব্যৱহাৰ কৰা হৈছে, যিয়ে সেৱা প্ৰদানৰ ক্ষেত্ৰত স্বচ্ছতাৰ নিশ্চয়তা প্ৰদান কৰে। বানপানীৰ সময়তো এই সৌৰচালিত ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনি যথেষ্ট সহায়ক হিচাপে পৰিগণিত হৈছে। বানাক্ৰান্ত এলেকাত ইয়াক মানুহ বা বয়-বস্তু পৰিবহণৰ বাবে ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ সৌৰ পেনেলৰ জৰিয়তে সাহায্য শিবিৰসমূহক বিজুলী শক্তিৰ যোগান ধৰিব পাৰি, আনকি বিশুদ্ধ খোৱাপানী যোগানৰ বাবে পৰ্টেবল পানী পৰিশোধন যন্ত্ৰ সংস্থাপনৰো ব্যৱস্থা কৰিব পাৰি। জলসিঞ্চন বিভাগৰ এই পদক্ষেপ বহনক্ষম আৰু কাৰ্যক্ষম কৃষি পদ্ধতিৰ প্ৰতি অসম চৰকাৰৰ দায়বদ্ধতাৰ এক চানেকি হিচাপে দাঙি ধৰিব পাৰি। ইয়াৰ উদ্ভাৱনীমূলক বৈশিষ্ট্য আৰু অভিযোজন ক্ষমতাৰ সৈতে সৌৰচালিত এই ভ্ৰাম্যমাণ উত্তোলক জলসিঞ্চন আঁচনি ৰাজ্যখনৰ দুৰ্গম অঞ্চলৰ কৃষক ৰাইজৰ বাবে এক আশাৰ ৰেঙনিৰূপে পৰিগণিত হৈছে।
This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.
0 Comments:
Post a Comment