ছয় ৰাজ্যৰ উপ নিৰ্বাচনৰ ফলাফল ঘোষণা


নিউজ ডেক্স,৮ ছেপ্টেম্বৰঃ শুকুৰবাৰে ঘোষণা হ'ল ৬ ৰাজ্যৰ ৭ সমষ্টিৰ উপ-নিৰ্বাচনীৰ ফলাফল। INDIA গঠন হোৱাৰ পাছত দেশৰ ৬ ৰাজ্যৰ ৭টা বিধানসভা সমষ্টিত অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনী ফলাফলত বিজেপিয়ে ৩খন আসন লাভ কৰাৰ বিপৰীতে "INDIA"ই ৪ ৰাজ্যৰ ৪ খন আসন লাভ কৰিবলৈ সক্ষম হয়। ফলাফল অনুসৰি পশ্চিমবংগৰ ধূপগুৰিত তৃণমূল কংগ্রেছৰ নিৰ্মল চন্দ্ৰ ৰায়ে জয়লাভ কৰাৰ বিপৰীতে ত্ৰিপুৰাৰ দুয়োটা সমষ্টিত বিজেপিয়ে জয়লাভ কৰে। ত্ৰিপুৰাৰ বাক্সানগৰ সমষ্টিত বিজেপি প্ৰাৰ্থী তফজ্জল হুছেইন, ধনপুৰ সমষ্টিত বিন্দু দেৱনাথে জয়লাভ কৰে। ইয়াৰ বিপৰীতে কেৰালাৰ পুথুপল্লী সমষ্টিত কংগ্রেছ প্ৰাৰ্থী চাণ্ডী ঔমানে জয়লাভ কৰে। ঠিক একেদৰে উত্তৰ প্রদেশৰ ঘোচি সমষ্টিত সমাজবাদী দলৰ প্ৰাৰ্থী সুধাকৰ সিঙে জয়লাভ কৰিবলৈ সক্ষম হয়। আনহাতে উত্তৰাখণ্ডৰ বাগেশ্বৰ সমষ্টিত বিজেপিৰ প্ৰাৰ্থী পাৰ্ৱতী দাসে জয়লাভ কৰে। সমান্তৰালভাবে ঝাৰখণ্ডৰ ডুমৰী সমষ্টিত বেবী দেৱী নামৰ প্ৰাৰ্থীগৰাকীয়ে ঝাৰখণ্ড মুক্তি মৰ্চাৰ হৈ প্ৰতিদন্দিতা আগবঢ়াই বিজয় সাব্যস্ত কৰিছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment