নিউজ ডেক্স,২৮ ছেপ্টেম্বৰঃ ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃস্বৰূপ হিচাপে প্রশংসিত এম এছ স্বামীনাথন আৰু নাই। বৃহস্পতিবাৰে তেওঁৰ দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ। স্বামীনাথনে উচ্চ উৎপাদনক্ষম জাতৰ ধান বিকশিত কৰাত সহায় কৰিছিল, যিয়ে ভাৰতৰ কম আয়ৰ কৃষকসকলৰ অধিক উৎপাদন নিশ্চিত কৰিছিল।স্বামীনাথনে মৃত্যুৰ সময়ত পত্নী মিনা স্বামীনাথন আৰু তিনিগৰাকী কন্যা সৌম্য স্বামীনাথন, মাধুৰা স্বামীনাথন আৰু নিত্য স্বামীনাথনক এৰি থৈ যায়৷ ১৯২৫ চনৰ ৭ আগষ্টত তামিলনাডুৰ কুম্বাকোনামত জন্ম গ্ৰহণ কৰা স্বামীনাথনৰ পূৰ্বপুৰুষৰ ঘৰ আছিল আলাপ্পুঝা জিলাৰ কুট্টানাদ তালুকৰ পুলিংগুন মানকম্পত। অধ্যাপক এম এছ স্বামীনাথনে তিৰুৱনন্তপুৰম বিশ্ববিদ্যালয়ৰ অনুষদৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতক গ্ৰহণ কৰাৰ উপৰি কইম্বাটুৰ কৃষি অনুষদ আৰু ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ পৰা অতিৰিক্ত গৱেষণা সম্পন্ন কৰিছিল। ১৯৫২ চনত কেম্ব্রিজ বিশ্ববিদ্যালয়ৰ পৰা জেনেটিক্সত পি এইচ ডি লাভ কৰি ভাৰতলৈ আহি কৃষি ক্ষেত্ৰত অগ্রণী ব্যক্তিলৈ পৰিণত হয়। ভাৰতীয় পৰিৱেশ অনুকূল আৰু উচ্চ উৎপাদনক্ষম বীজ খেতি কৰি কৃষকৰ মাজত জনপ্ৰিয় কৰাৰ বাবে স্বামীনাথনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি লাভ কৰে। ১৯৬৬ চনত তেওঁ মেক্সিকান ঘেঁহুৰ জাত ভাৰতীয় পৰিৱেশত ৰোপণ কৰি ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে পৰিগণিত হয়। ১৯৮৭ চনত স্বামীনাথনে প্রথম বিশ্ব খাদ্য বঁটা লাভ কৰিছিল আৰু তাৰ পিছত তেওঁ চেন্নাইত এম এছ স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেশ্যন গঠন কৰিছিল। বহু বঁটাৰে সন্মানিত স্বামীনাথনে ৰেমন মেগছেছে বঁটা (১৯৭১) আৰু এলবার্ট আইনষ্টাইন বিশ্ব বিজ্ঞান বঁটাও (১৯৮৬) লাভ কৰিছিল। এইগৰাকী বিশিষ্ট কৃষি বিজ্ঞানীৰ মৃত্যুত দেশজোৰি শোকৰ ছাঁ পৰিছে।
.jpeg)
0 Comments:
Post a Comment