মেট্ৰিকৰ প্ৰ-পত্র পূৰণৰ দিন ঘোষণা ছেবাৰ


গুৱাহাটী,২৭ চেপ্টেম্বৰঃ অসম মাধ্যমিক শিক্ষা সাংসদ চমুকৈ ছেবাই ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে প্ৰকাশ কৰিছে এক বিশেষ নিৰ্দেশনা। এই নিৰ্দেশনা অনুসৰি ২০২৪ বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে ৯ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ অনলাইন মাধ্যমেৰে প্ৰপত্ৰ পূৰ্ণ কৰিব লাগিব। প্ৰ-পত্ৰ পূৰণৰ বাবে একোজন শিক্ষাৰ্থীয়ে সৰ্বোচ্চ ১২০০ টকা আদায় দিব লাগিব। ছেবাৰ নিৰ্দেশনা অনুসৰি এগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষা মাচুল হিচাপে আদায় দিব লাগিব ৭০০ টকা। যিসকলৰ ব্যৱহাৰিক পৰীক্ষা আছে তেওঁলোকে ব্যৱহাৰিক পৰীক্ষাৰ বাবে দিব লাগিব অতিৰিক্ত ১৫০ টকা। আৰু সকলো শিক্ষাৰ্থীয়ে পৰীক্ষা কেন্দ্ৰৰ মাচুল হিচাপে দিব লাগিব ৩৫০ টকা। অৰ্থাৎ ব্যৱহাৰিক পৰীক্ষা থকা এগৰাকী শিক্ষাৰ্থীয়ে সৰ্বমুঠ ১২০০ টকা আৰু ব্যৱহাৰিক পৰীক্ষা নথকা শিক্ষাৰ্থীয়ে দিব লাগিব সৰ্বমুঠ ১০৫০ টকা। আনহাতে Annual Recognition Fee হিচাপে একোখন বিদ্যালয়ৰ প্ৰধানে আদায় দিব লাগিব ১০০০ টকা। ইফালে যিসকল শিক্ষাৰ্থীৰ পৰিয়ালৰ বাৰ্ষিক আয় ২ লাখ বা তাতকৈ কম হিচাপে ২০২১-২২ বৰ্ষত নৱম শ্ৰেণীৰ ৰেজিষ্ট্ৰেশ্যনৰ সময়ত উল্লেখ কৰা হৈছিল তেওঁলোকৰ এই মাচুল ৰেহাই দিয়া হৈছে। এই মাচুল শিক্ষাৰ্থীয়ে অনলাইন প্ৰপত্ৰ পূৰণৰ সময়ত আদায় দিব লাগিব। অনলাইন মাচুল আদায়, চালান জেনেৰশ্যনৰ বাবে অন্তিম দিন ৩১ অক্টোবৰ। ভাৰতীয় ষ্টেট বেংকৰ জৰিয়তে চালান পেমেণ্টৰ অন্তিম তাৰিখ ৩ নৱেম্বৰ আৰু অনলাইন মাধ্যমেৰে চেকলিষ্ট কাৰেকশ্যনৰ বাবে অন্তিম দিন ১৮ নৱেম্বৰ। অনলাইন আৱেদনৰ বাবে শিক্ষাৰ্থীসকলে ছেবাৰ পৰ্টেল sebaregistration.org ৰ জৰিয়তে কৰিব পাৰিব। যদিহে কোনো শিক্ষাৰ্থীৰ পাছৱৰ্ড অথবা ইউজাৰ আইডি হেৰাইছে তেন্তে তেওঁলোকে নিজ নিজ জিলাৰ ছেবাৰ আঞ্চলিক কাৰ্যালয়ৰ সদস্য সচিবৰ সৈতে যোগাযোগ কৰিব পাৰিব।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment