মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তক লৈ সংবাদমেলত সৰৱ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থ


 

গুৱাহাটী,২৯ ছেপ্টেম্বৰঃ বিধানসভাত মুখ্যমন্ত্রীৰ পৰিবাৰৰ ভূমি কেলেংকাৰী সন্দৰ্ভত সৰৱ হোৱা বাবেই প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ বিৰুদ্ধে চি এম ভিজিলেন্স লগোৱা হৈছে। এই কথা সদৰি কৰিছে খোদ বিধায়ক কমলাক্ষ দে' পুৰকায়স্থই। শুকুৰবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি বিধায়কগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে। লগতে সকলো অভিযোগ খণ্ডন কৰি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লয়। উল্লেখ্য যে কৰিমগঞ্জত নীতি বহিভূৰ্তভাৱে চাহ বাগিচা ক্ৰয় কৰা অভিযোগ সন্দৰ্ভত বিধায়ক কমলাক্ষ দে' পুৰকায়স্থৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে। এই সন্দৰ্ভত সংবাদমেল যোগে বিধায়কগৰাকীয়ে কয় যে চাহ বাগানৰ বাবে তেওঁ কোনো মাটি ক্ৰয় কৰা নাই। পাঁচজন সতীৰ্থৰে মিলি শ্বেয়াৰত চাহ বাগান লোৱাৰ কথা সদৰি কৰি তেওঁ কয় যে প্ৰমোদ নগৰৰ চাহ বাগান ৩.২০ কোটি টকাৰে ক্ৰয় কৰা হৈছে আৰু তাত তেওঁৰ ৮০ লাখ টকাৰ শ্বেয়াৰ আছে। বৰ্ত্তমান তেওঁৰ হাতত দুই লাখ টকা আছে আৰু এয়াই তেওঁৰ সম্পত্তি বুলি তেওঁ সংবাদমেলত সদৰি কৰে। ইয়াৰ বাহিৰত এটকাও সম্পত্তি নাই বুলি স্পষ্ট কৰি কৰি তেওঁ মুখ্যমন্ত্রীক প্ৰত্যাহ্বান জনাই কয় যে মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষৰ তদন্তত এটকাৰো খেলিমেলি নাপায়। জীৱনত এটকাৰো দুইনম্বৰী কৰা নাই বুলি সদৰি কৰি তেওঁ এই তদন্ত দিয়াৰ বাবে মুখ্যমন্ত্রীক ধন্যবাদ দিয়ে। তেওঁ মুখ্যমন্ত্রীৰ পৰিবাৰৰ নাম উল্লেখ কৰাৰ পৰিৱৰ্তে চমুকৈ আৰ বি এছ বুলি সম্বোধন কৰি ভূমি কেলেংকাৰীৰ প্ৰসংগত সৰৱ হৈ পৰে। তেওঁ মুখ্যমন্ত্রীক তেওঁৰ পৰিবাৰৰ বিৰুদ্ধে উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত তদন্ত দিয়াৰ বাবে প্ৰত্যাহ্বান জনায়। তেওঁ কয় যে অসমৰ সকলো ঠাইতে আৰ বি এছৰ মাটি আছে আৰু য'তেই মাটি দেখে তাতেই আৰ বি এছ জপিয়াই পৰে। মন্ত্রী পীযুষ হাজৰিকাকে ধৰি আন মন্ত্রীসকলক উদ্দেশ্যি তেওঁ কয় যে মন্ত্ৰীয়ে ৮০ লাখটকীয়া Rolaxৰ ঘড়ী পিন্ধে, ৭০ লাখ টকীয়া গাড়ীত ঘূৰে, মন্ত্রীৰ পত্নীয়ে ডেৰ লাখ টকীয়া নাইট ড্ৰেছ পিন্ধে, লণ্ডনৰ পৰা ড্ৰেছ আনে আৰু পচন্দ নহলে ঘূৰাই পঠাই। কিন্তু মুখ্যমন্ত্রীয়ে এইবোৰ নেদেখে বুলি কটাক্ষ কৰি তেওঁ কয় যে শাসকীয় দলৰ মন্ত্রী-বিধায়কৰ বিলাসীতাৰ বিপৰীতে মুখ্যমন্ত্রীৰ চকু বিৰোধীৰ ওপৰত। বিধানসভাত সৰৱ হোৱা বাবে এনেদৰে চি এম ভিজিলেন্স লগালেও ভয় নাখাও বুলি সদৰি কৰি তেওঁ কয় যে মৰি যাব পাৰো কিন্তু আপোচ নকৰো। তেওঁ কয় যে আৰ বি এছ, তুলিৰাম ৰংহাং, উৰণ সেতু নিৰ্মাণত ব্যৱহাৰ হোৱা আইৰণ চিটৰ ঠিকা সন্দৰ্ভত চি এম ভিজিলেন্স হ'ব লাগে। বিৰোধীয়ে মুখ খুলিলেই ইডি, চি এম ভিজিলেন্স লগাই দিয়া হয়। অসমত এতিয়া সুশাসন নহয় দুঃশাসন চলিছে বুলি তেওঁ কয়। তেওঁ লগতে কয় যে আজিৰ সংবাদমেলত পাৰ্ট ওৱান কোৱা হৈছে। পৰৱৰ্তী সংবাদমেলত পাৰ্ট টু আহিব।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment