ভয়ংকৰ কৃত্রিম বানপানীৰ কৱলত ৰাজধানী চহৰ গুৱাহাটী মহানগৰী






গুৱাহাটী,৩০ ছেপ্টেম্বৰঃ কৃত্ৰিম বানত ডুব গৈছে ৰাজধানী চহৰ মহানগৰী গুৱাহাটী। শনিবাৰে বিয়লিৰ ভাগত হোৱা দোপালপিটা বৰষুণৰ ফলত মহানগৰীৰ কেউফালে সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ। কি জিএছ-ৰোড, কি জু-ৰোড অথবা বেলতলা, লাচিত নগৰ, চান্দমাৰি, শিলপুখুৰী, কামাখ্যা, কাহিলিপাৰ আদি সকলো ঠাইতে কৃত্ৰিম বানত আৱদ্ধ হৈ পৰিছে হাজাৰ হাজাৰ লোক। এক প্ৰকাৰে যেন ব্যাহত হৈছে জনজীৱন। কৃত্ৰিম বানপানীৰ সমানে সমানে ঠায়ে ঠায়ে বতাহ-ধুমুহাৰ ফলত গছ-গছনি ভাঙি পৰাত ব্যাহত হৈছে বিদ্যুতৰ যোগাযোগ। খবৰ অনুসৰি মহানগৰীৰ বহু ঠাইত বতাহ-ধুমুহাৰ ফলত গছ-গছনি ভাঙি পৰাত আৱদ্ধ হৈ পৰিছে যান-বাহনো। মালিগাঁও-কামাখ্যাৰ সমীপত এজোপা গছ ভাঙি চলন্ত বাহনৰ ওপৰত পৰাত সম্পূৰ্ণৰূপে ধ্বংস হৈছে বাহনখন। তদুপৰি বাহনখনৰ চালকো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে। ইপিনে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰীঘাটত যাত্ৰীৰ মাজত সৃষ্টি হৈছে হাহাকাৰ। প্ৰতিকূল বতৰৰ বাবে আটাইকেইটা ফেৰীঘাটতে আৱদ্ধ হৈছে শ-শ যাত্ৰী। ফেৰীঘাটকেইটাৰ কেইবাটাও ৰেম্প বিধ্বংস হোৱাত এক অভাৱনীয় পৰিস্থিৰ সৃষ্টি হয়। উল্লেখ্য যে ৰেম্পকেইটাৰ ক্ষিপ্ৰ মেৰামতিৰ বাবে ইতিমধ্যেই নামি পৰিছে আভ্যন্তৰীণ জল পৰিবহন বিভাগ। ইফালে বাট-পথসমূহত একাঁঠু পৰ্যন্ত পানী হোৱাত এক প্ৰকাৰে জলপ্ৰলয়ৰ সূচনা হৈছে মহানগৰী গুৱাহাটীত। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment