এঘাৰ দিনত মানৱাধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সাময়িকভাৱে ভংগ কৰালে ক'ভিড চাফাই কৰ্মীৰ অনশন



গুৱাহাটী,২১ ছেপ্টেম্বৰঃ ক'ভিডকালীন পৰিস্থিতিত অসমৰ বহু স্থায়ী চিকিৎসালয় আৰু অস্থায়ী চিকিৎসা কেন্দ্ৰত হাজাৰ হাজাৰ লোক চিকিৎসাধীন হৈ আছিল। ৰাজ্যৰ এই ৰোগীসকলক সেৱা কৰিবৰ বাবে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্ত্তমানৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাফাইকৰ্মী বিচাৰি আহ্বান জনাইছিল। সেই সময়ত অসমৰ বহু যুৱকে ক'ভিড চাফাই কৰ্মী হিচাপে ৰোগী সকলক সেৱা কৰিবলৈ আগবাঢ়ি আহি কৰ্মত যোগদান কৰে। সেই সময়ত স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে উক্ত চাফাই কৰ্মী হিচাপে সেৱা আগবঢ়ায় অহা ১৩২৪ জন ক'ভিড চাফাই কৰ্মীক নিয়মীয়া কৰণৰ লগতে অন্যান্য সুবিধা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছিল। কিন্ত দিন বাগৰাৰ পিছত এই সকল চাফাই কৰ্মীক নিয়মীয়াকাৰণৰ পৰিবৰ্তে চৰকাৰে অৱহেলা কৰা দেখা যায়। বৰ্তমানৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে যদিও  অসম চৰকাৰে উক্ত প্ৰতিশ্ৰুতি ভংগ কৰিছে। সেয়ে আজি এঘাৰ দিন ধৰি গুৱাহাটীৰ চচলত ক'ভিড চাফাই কৰ্মী সকলে অনশনৰ কাৰ্যসূচী চলাই আছিল যদিও চৰকাৰৰ তৰফৰ পৰা বিশেষ কোনো মন্ত্ৰী তথা উচ্চপদস্থ দায়িত্বশীল বিষয়াই কোনো খবৰ নলৈ এওঁলোকক অৱজ্ঞা কৰাৰ অভিযোগ উত্থাপন হৈছে। আজি দুপৰীয়া ১২ বজাত একালৰ আন্না হাজাৰেৰ  সহযোগী তথা ৰাষ্ট্ৰীয় টিম আন্নাৰ ক'ৰ কমিটিৰ ৰাষ্ট্ৰীয় সদস্য, অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই   অনশনকাৰীক পানী, অ' আৰ এছ, আপেল আদি খুৱাই সাময়ীক ভাৱে অনশন ভংগ কৰায়। অনশন ভঙ্গ কৰি ক'ভিড যোদ্ধা আৰু উপস্থিত সাংবাদিকক উদ্দেশ্যি বিশিষ্ট মানৱ অধিকাৰ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ খাটিখোৱা লোকসকলক প্ৰতিশ্ৰুতি দি  আজিকোপতি প্ৰতিশ্ৰুতি পালন নকৰি হেতালি খেলিছে। বিগত ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ৰ হস্তক্ষেপত কেন্দ্ৰীয় চৰকাৰৰ সচিব পৰ্যায়ৰ বিষয়া ভি কে ভাল্লাই  অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহালৈ এক পত্ৰ যোগে নিৰ্দেশনা দিয়াৰ পিছতো অসম চৰকাৰে এই সকলক অৱজ্ঞা কৰি আহিছে। সেয়ে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে আমি এওঁলোকক তিল তিল কৈ মৃত্যুৰ মুখলৈ ঠেলি দিব নোৱাৰো। সেয়ে আজি অনশনকাৰীৰ শোচনীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি সময়িকভাৱে অনশন ভংগ কৰা হয়। পৰৱৰ্তী পৰ্যায়ত নতুন কৌশল অবলম্বন কৰি এই সমস্যাৰ সমাধান কৰিবলৈ ক'ভিড যোদ্ধা সকলক সহযোগ কৰিব বুলি ডঃ শইকীয়াই  উল্লেখ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment