গুৱাহাটীৰ ৰেডিছন ব্লুত বিহুৰ বিকৃতকৰণৰ ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ



গুৱাহাটী,২২ ছেপ্টেম্বৰঃ গুৱাহাটীৰ আভিজাত্য হোটেল ৰেডিছন ব্লুত বিহুৰ বিকৃতকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তদন্তৰ নিৰ্দেশ দিছে। জিলা প্ৰশাসনক গোচৰ ৰুজু কৰি উচিত তদন্ত কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। উল্লেখ্য যে কোটি কোটি টকা ব্যয় কৰি অসম চৰকাৰে বিহুৰ নামত বিশ্ব ৰেকৰ্ড কৰাৰ সময়তে এচামে বিহুক বাৰে বাৰে বিকৃত কৰি অসমীয়া সংস্কৃতিক অপমান কৰি আহিছে। দিল্লীত অনুষ্ঠিত হৈ যোৱা জি-২০ সন্মিলনতো বিহুৰ নামত বহুৱালি কৰা ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই গুৱাহাটীৰ ৰেডিচন ব্লু হোটেলত বিহুৰ নামত চলিল অদ্ভুত নাচ। গ্রীনলেম ইণ্ডাষ্ট্ৰিজৰ নামৰ এটা ব্যক্তিগত কোম্পানীয়ে ৰেডিচন ব্লু হোটেলত অনুষ্ঠিত কৰা এটা অনুষ্ঠানত কলকাতাৰ নৰ্তক-নর্তকী আনি বিহু নাচিবলৈ লগাইছিল। কিন্তু বিহুৰ নামত এইবোৰ কলিকতীয়া নৰ্তক-নৰ্তকীয়ে মুগাৰ সাজ আৰু পাইজামা-কুটা পৰিধান কৰি বজৰুৱা নৃত্য পৰিৱেশন কৰিছিল। যাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সামজিক মাধ্যমতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে ৰেডিচন ব্লুত এনেদৰে বিহুক লৈ বহুৱালি কৰাত জাঙুৰ খাই উঠিছে বিহু সুৰক্ষা সমিতি অসমকে ধৰি বিভিন্ন দল-সংগঠন। ব্যক্তিগত প্রতিষ্ঠানটোৰ এনে কাৰ্যক বিহু সুৰক্ষা সমিতিয়ে ধিক্কাৰ দিয়াৰ লগতে ৰাজ্য চৰকাৰে এনে অপসংস্কৃতি বিয়পোৱা প্ৰতিষ্ঠানৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছিল। ৰাজ্যজুৰি সৃষ্টি হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ পাছতে আজি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি তদন্তৰ নিৰ্দেশ দিছে। ৰেডিছন ব্লুত বিকৃত বিহু প্ৰদৰ্শন কৰা দলটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। আনহাতে সাংস্কৃতিক মন্ত্রী বিমল বড়ায়ো এই ঘটনাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে তদন্তৰ নিৰ্দেশ দিছে। সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰাও এইক্ষেত্রত তদন্তৰ নিৰ্দেশ দিয়া হৈছে। ইফালে বিহুক বিকৃতকৰণৰ এই ঘটনাক সন্দৰ্ভত জালুকবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে বিজেপিৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে। আনহাতৰ বিহুক অপমান কৰা কাৰ্যক গৰিহণা দিছে জালুকবাৰী নাগৰিক কমিটীয়ে। চৰকাৰক এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নাগৰিক কমিটীৰ বিষয়ববীয়াই।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment