ছিকিমৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে কেন্দ্ৰীয় চৰকাৰ


নিউজ ডেক্স,৬ অক্টোবৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে দুৰ্যোগৰ সন্মূখীন হোৱা ছিকিমৰ সৈতে সম্পূৰ্ণ সংহতিৰে থিয় দিছে। কেন্দ্ৰই ছিকিম চৰকাৰক সম্ভৱপৰ সকলো সহায়ৰ আশ্বাস দিছে। কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহে ২০২৩-২৪ বৰ্ষৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা ৪৪.৮০ কোটি টকাৰ কেন্দ্ৰীয় অংশীদাৰিত্বৰ দুয়োটা কিস্তি মুকলি কৰি ছিকিমৰ ক্ষতিগ্ৰস্ত জনসাধাৰণক সাহায্য প্ৰদান কৰাত সহায় কৰিবলৈ অনুমোদন জনায়। ইয়াৰ উপৰিও ডাৱৰ বিস্ফোৰণৰ ফলত ৰাজ্যখনৰ ক্ষতিৰ মূল্যায়নৰ বাবে গৃহ মন্ত্ৰালয়ে আন্তঃমন্ত্ৰালয়ৰ কেন্দ্ৰীয় দল (আইএমচিটি) গঠন কৰিছে, যিয়ে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰিব। এই কেন্দ্ৰীয় দলটোৰ মূল্যায়নৰ ভিত্তিত ছিকিমক নিৰ্ধাৰিত পদ্ধতি অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ প্ৰশমন পুঁজিৰ পৰা অতিৰিক্ত কেন্দ্ৰীয় সাহায্য অনুমোদন কৰা হ’ব। ৪ অক্টোবৰৰ পুৱা ডাৱৰ বিস্ফোৰণৰ ফলত তীস্তা নদীৰ সোঁত হঠাৎ বৃদ্ধি পোৱাৰ ফলত নদীখনৰ ওপৰৰ অংশত কেইবাখনো দলং, ৰাষ্ট্ৰীয় ঘাইপথ-১০ৰ কিছু অংশ, চুংথাং বান্ধ আৰু কেইবাখনো সৰু চহৰ আৰু কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উটুৱাই লৈ যায় ছিকিম উপত্যকাৰ বহু ঠাই। কেন্দ্ৰীয় চৰকাৰে সৰ্বোচ্চ পৰ্যায়ত ২৪ ঘণ্টাই ছিকিমৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। এই জটিল পৰিস্থিতিৰ সৈতে ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাক পৰিপূৰক হিচাপে সময়মতে লজিষ্টিক সম্পদ সংগঠিত কৰি কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ সহায় আগবঢ়াইছে। এতিয়ালৈকে প্ৰদান কৰা লজিষ্টিক সহায়ৰ ভিতৰত আছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এন ডি আৰ এফ)ৰ পৰ্যাপ্ত দল, ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰ আৰু সেনা জোৱানকে ধৰি অত্যাৱশ্যকীয় অনুসন্ধান আৰু উদ্ধাৰ সঁজুলি। ইয়াৰ উপৰিও শক্তি, দূৰসংযোগ আৰু গড়কাপ্তানি, ঘাইপথ আৰু পৰিবহণ মন্ত্ৰালয়ৰ কাৰিকৰী দলসমূহে ৰাজ্যখনৰ ক্ষতিগ্ৰস্ত আন্তঃগাঁথনি আৰু দূৰসংযোগ নেটৱৰ্কসমূহ সময়মতে পুনৰুদ্ধাৰ কৰাত সহায় কৰি আছে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment