লখিমপুৰৰ ছাত্ৰৰ মৃত্যুক লৈ উত্তেজনা : ড্ৰাগছ ব্যৱসায়ী আৰু হত্যাকাৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ


লখিমপুৰ,৬ অক্টোবৰঃ লখিমপুৰৰ চাপৰি গাঁৱত ড্ৰাগছ সৰবৰাহকাৰীয়ে এজন ছাত্ৰক দলবদ্ধ ভাবে আক্ৰমণ কৰি হত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি আজি চাপৰি গাঁৱত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । আজি অঞ্চলটোৰ ৰাইজে  চাপৰি গাঁৱত হত্যাকাৰী,ড্রাগছ বেপাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাৰীক ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি ফাঁচীৰ দাবী জনায় ।  ঘটনা সন্দৰ্ভত আজি তদন্তকাৰী আৰক্ষী বিষয়াৰ সন্মুখত তাবিদ হুছেইনৰ পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে এটা ৯/১০ জনীয়া ড্ৰাগছ সৰবৰাহ কাৰী আৰু ড্ৰাগছ গ্ৰহণকাৰী দলে খেদি খেদি তাবিদ নামৰ ছাত্ৰজনক প্ৰহাৰ কৰি হত্যা কৰে । হত্যাকাৰীয়ে তেওঁক পানীত পেলাই দিয়ে ।  ৰাইজে অভিযোগ কৰা মতে সম্প্ৰতি ড্ৰাগছ, মদ ভাং, জুৱা, নকল সোন, জাল নোট ব্যৱসায়ীৰ ঘাটিত পৰিণত হোৱাৰ লগতে বিভিন্ন ভাড়াঘৰত অচিন লোকৰে ভৰপূৰ হৈ পৰিছে । সমান্তৰাল ভাৱে বিভিন্ন অসামাজিক কাম কাজৰ ঘাটিত পৰিণত হৈছে । সন্ধ্যা হোৱাৰ লগে লগে মহিলা বাহিৰলৈ ওলাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হয় যদিও চাপৰি গাঁৱৰ  কিছু দুৰতে থকা খেলমাটি আৰক্ষীয়ে বিশেষ কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উঠিছে । অঞ্চলটোৰ পৰিবেশ ইমানেই বেয়ালৈ গৈছে যে কোনো লোকক কোনোবাই মাৰপিত  কৰি থাকিলেও কোনো ওলাই নাহে । ছাত্ৰ জনক ড্ৰাগছ সৰবৰাহকাৰীয়ে মাৰপিত কৰি থকাৰ সময়তো ৰাইজে ঘটনা প্ৰত্যক্ষ কৰি থকাৰ বাদে কোনোৱেই ছাত্ৰজনক বচাবলৈ নাহিল । বৰঞ্চ একাংশ লোকে ভিডিঅ ৰেকৰ্ডিঙ কৰাতহে ব্যস্ত আছিল । আজি লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ শাখা ) জয়ন্ত বৰুৱা সহ আৰক্ষীৰ এটা দল চাপৰি গাওঁত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ঘটনাৰ অনুসন্ধান কৰে । কালি আৰক্ষীয়ে তিনিজন ড্ৰাগছ বেপাৰীক গ্ৰেপ্তাৰ কৰে যদিও বাকী কেইজনক এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। নিজৰ  প্ৰতিক্ৰিয়াত ডঃ শইকীয়াই কয় যে চৰকাৰে ড্ৰাগছ বিৰোধী অভিযান চলাইছে যদিও যি ধৰণে ড্ৰাগছ সৰবৰাহকাৰীৰ সংখ্যা হ্ৰাস পাব লাগিছিল সেয়া আজি পৰ্যন্ত হ্ৰাস হোৱা পৰিলক্ষিত হোৱা নাই। ড্ৰাগছৰ বিৰুদ্ধে ব্যাপক জনজাগৰনৰ প্ৰয়োজন  বুলি ডঃ শইকীয়াই ব্যক্ত কৰে। তেওঁ কয় যে  ড্ৰাগছৰ বিৰুদ্ধে পুনৰ সজাগ কৰিবৰ নিমিত্তে লখিমপুৰৰ লগতে অসমৰ বিভিন্ন জিলা পৰিভ্ৰমণ কৰিব। বেয়াকৈ মাৰপিত কৰি ওচৰৰ পুখুৰীত পেলাই দিয়ে । তেতিয়াৰ পৰা ছাত্ৰজন সনধানহীন হৈ আছিল । উল্লেখযোগ্য যে উক্ত   ঘটনাত জড়িত ফালু চেইখ , জুলফিকৰ আলি , আমিৰ আলি খান , ৰফিক আলি আজিও পলাতক অৱস্থাত আছে । জানিব পৰা মতে এই ঘটনাত জড়িত লোকসকলৰ প্ৰায় সংখ্যকেই লখিমপুৰৰ বাহিৰৰ পৰা আহি ভাড়াতিয়া হিচাপে বিভিন্ন অসামাজিক কাম কাজত জড়িত হৈ আছে আনহাতে অঞ্চলটোত সৃষ্টি হোৱা পৰিবেশৰ বাবে ৰাইজে আৰক্ষীক তীব্ৰ সমালোচনা কৰিছে । লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই যোগদান কৰাৰ পাছত বিশেষকৈ চাপৰি গাওঁত ড্ৰাগছ,মদ,ভাং, নকল সোন, জাল নোট, আৰু জুৱা নিৰ্মূল হব বুলি আশা কৰিছিল যদিও ৰাইজে আশা কৰাৰ দৰে সেইয়া হৈ নুঠিল।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment