অসমত ১২১.৫১ কোটি টকাৰ ১৬টা স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন-শিলান্যাস কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াৰ




গুৱাহাটী,১৫ অক্টোবৰঃ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি অসমত ১২১.৫ কোটি টকাৰ ১৬টা স্বাস্থ্য প্ৰকল্প আনুষ্ঠানিক ভাৱে উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। গুৱাহাটীৰ আই আই টিত দেওবাৰে দুপৰীয়া আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যখনত নতুনকৈ নিৰ্মাণ কৰা ৮ টা স্বাস্থ্য প্ৰকল্প ভাৰ্চুৱেল পদ্ধতিৰে উদ্বোধন কৰাৰ লগতে আন ৮টা স্বাস্থ্য প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰী আয়ুস্মান ভাৰত স্বাস্থ্য আন্তঃগাথঁনি অভিযান (পিএম-অভিম) আৰু পঞ্চদশ বিত্ত আয়োগৰ পুঁজিৰ অধীনত লখিমপুৰ, নগাঁও, কামৰূপ, পশ্চিম কাৰ্বি আংলং, কাচাৰ, চৰাইদেউ আৰু ডিব্ৰুগড়ত মুঠ ৮খন চিকিৎসালয়ত নতুন চিকিৎসা গোট নিৰ্মাণ কৰিবলৈ লোৱাৰ বিপৰীতে এনএইচএমৰ অধীনত কোকৰাঝাৰ, চিৰাং, তামুলপুৰ, যোৰহাট, বৰপেটা, হাইলাকান্দি আৰু শিৱসাগৰত জিলাৰ ৮খন চিকিৎসালয়ৰ নতুন ভৱন ইতিমধ্যে নিৰ্মাণ কৰি উলিওৱা হৈছে। এই স্বাস্থ্য প্ৰকল্পসমূহ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী ড০ মান্দাভিয়াই কয়, 'ভৱিষ্যতৰ দিনত দেশত ক'ভিডৰ দৰে অতিমাৰী-মহামাৰী বা আন যিকোনো গুৰুতৰ স্বাস্থ্য সংকট ক্ষিপ্ৰতাৰে আৰু ফলপ্ৰসূ ভাৱে মোকাবিলা কৰিব পৰাকৈ চহৰাঞ্চল আৰু গ্ৰামাঞ্চলত স্বাস্থ্যসেৱা আন্তঃগাথঁনি শক্তিশালী কৰাৰ লগতে স্বাস্থ্যখণ্ডৰ গৱেষণা আৰু ৰোগৰ আগতীয়া নিৰীক্ষণ ব্যৱস্থাও সবল কৰাত আমি বিশেষ গুৰুত্ব প্ৰদান কৰিছো।' প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০৪৭চনৰ ভিতৰত ভাৰতক সকলো দিশতে বিকশিত ৰাষ্ট্ৰ ৰূপে প্ৰতিষ্ঠাৰ বাবে ঘোষণা কৰা দেশৰ সংকল্পক কাৰ্যকৰী কৰাৰ দিশতো স্বাস্থ্য খণ্ডই অত্যন্ত মহত্বপূৰ্ণ ভূমিকা ল'বলৈ আগবঢ়া বুলিও অনুষ্ঠানত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। ড০ মান্দাভিয়াই কৰে, 'এখন দেশ সমৃদ্ধ হ'বলৈ হ'লে চৰকাৰৰ নীতি আৰু কাৰ্যসূচীত স্বাস্থ্যসেৱা খণ্ডই প্ৰাধান্য পাবই লাগিব। নাগৰিকসকল স্বাস্থ্যবান-নিৰোগী হৈ থাকিলেহে সমাজখনো সুন্দৰ-সুস্বাস্থ্যবান হৈ উঠিব আৰু এনে সুস্থ-সমৰ্থবান সমাজৰহে দেশখনকো বিকশিত ৰাষ্ট্ৰ কৰি তোলাৰ সখমৰ্থ থাকে।' বিগত কেইবছৰমানত অসমৰ স্বাস্থ্য খণ্ডৰ বিশেষ উন্নতি ঘটা বুলি দোহাৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰো প্ৰশংসা কৰে। অসমৰ স্বাস্থ্যখণ্ডৰ উন্নয়নত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা প্ৰয়োজনীয় সকলোধৰণৰ সহযোগিতা আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰি কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে এইক্ষেত্ৰত তেওঁ সদায়ে ব্যক্তিগত ভাৱেও নজৰ ৰাখি আহিছে বুলি দোহাৰে। ড০ মান্দাভিয়াই কয়, 'অসমত আন বহুকেইটা স্বাস্থ্য প্ৰকল্পৰ কাম চলি আছে আৰু আগন্তুক দিনত সেইসমূহ প্ৰকল্পও আমি  উদ্বোধন কৰাৰ লগতে নতুন নতুন স্বাস্থ্য প্ৰকল্পৰো আধাৰশিলা কৰিমহি। অসমৰ জনসাধাৰণৰ বাবে অত্যাধুনিক, সুলভ চিকিৎসা সেৱা উপলব্ধ কৰোৱাৰ দিশত অসম চৰকাৰক আমি বিশেষ ভাৱে সহযোগিতা আগবঢ়াই আহিছো আৰু ভৱিষ্যতে আৰু অধিক সহায়ৰ বাবে ব্যক্তিগত ভাৱেও মই অতি আগ্ৰহী।' অনুষ্ঠানত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই দিয়া ভাষণত অসমত চহৰ আৰু গ্ৰামাঞ্চলসমূহত স্বাস্থ্যসেৱা আন্তঃগাঁথনি সৱলীকৰণৰ দিশত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে আগবঢ়োৱাৰ বিশেষ পৃষ্ঠপোষকতাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মান্দাভিয়াৰ শলাগ লয়। নিজৰ ভাষণত মন্ত্ৰী মহন্তই সদৰি কৰা মতে পিএম-অভিম আঁচনিখনৰ অধীনত অহমত নিজা গৃহ নথকা ৭৬৮টা স্বাস্থ্য উপকেন্দ্ৰৰ বাবে গৃহ নিৰ্মাণ, ২০৭টা খণ্ড পৰ্যায়ৰ ৰাজহুৱা স্বাস্থ্য গোট, ৩৩টা সংহত ৰাজহুৱা স্বাস্থ্য-পৰীক্ষাগাৰ আৰু ২৭টা ক্ৰিটিকেল কেয়াৰ হস্পিতছল ব্লক-শাখা নিৰ্মাণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ইতিমধ্যে অনুমোদন জনাইছে। উল্লেখ্য যে, ৰাজ্যখনৰ ১৪খন জিলাত নিৰ্মাণৰ ব্যৱস্থা কৰা স্বাস্থ্য প্ৰকল্পকেইটাৰ ভিতৰৰে ইতিমধ্যে নিৰ্মাণকাৰ্য সম্পূৰ্ণ হোৱাৰ পাছত আজি আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা প্ৰকল্প ৮টা হৈছে- কোকৰাঝাৰ জিলাৰ গোসাইগাঁৱৰ ১০০ খন বিছনাযুক্ত ৰূপনাথ ব্ৰহ্ম গোসাইগাঁও মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন, চিৰাং জিলাৰ বিজনী আৰু তামুলপুৰ জিলাৰ তামুলপুৰত নৱনিৰ্মিত দুখন মহকুমা অসামৰিক চিকিৎসালয়, যোৰহাট জিলাৰ তিতাবৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱন, বৰপেটা জিলাৰ নসত্ৰ আৰু চেঙাৰ লগতে হাইলাকান্দি জিলাৰ নিত্যানন্দপুৰ আৰু শিৱসাগৰ জিলাৰ হালোৱাটিঙৰ নৱনিৰ্মিত সামূহিক স্বাস্থ্যকেন্দ্ৰ৷ এই কেউখন চিকিৎসালয়ৰ নতুন ভৱনৰ সৈতে চিকিৎসক-স্বাস্থ্যকৰ্মীৰ আৱাসো সংযুক্ত হৈ আছে। আনহাতে, প্ৰধানমন্ত্ৰী আয়ুষ্মান ভাৰত স্বাস্থ্য আন্তঃগাঁথনি অভিযান আৰু পঞ্চদশ বিত্ত আয়োগৰ অনুমোদিত পুঁজি শিতানৰ মুঠ ৩৪.৭৯৮ কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰিবলৈ আজি ভিৰ্চুৱেলী শিলান্যাস স্থাপন কৰা প্ৰকল্পকেইটা হৈছে- লখিমপুৰ চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত ৫০ খন বিছনাযুক্ত ক্ৰিটিকেল কেয়াৰ ব্লক,  নগাঁও জিলাৰ জখলাবন্ধা অসামৰিক চিকিৎসালয়ত সংহত ৰাজহুৱা স্বাস্থ্য পৰীক্ষাগাৰৰ লগতে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কাৰ্বি আংলং জিলাৰ বৈঠালাংছু খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কামৰূপ জিলাৰ শুৱালকুছি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, কাছাৰ জিলাৰ হৰিনগৰ খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ, চৰাইদেউ জিলাৰ সাপেখাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত এটাকৈ খণ্ড প্ৰাথমিক স্বাস্থ্য গোট (বিপিএইচইউ) আৰু ডিব্ৰুগড় জিলাৰ চাচনি সামূহিক স্বাস্থ্যকেন্দ্ৰৰ আন্তঃগাঁথনিৰ উন্নীতকৰণ প্ৰকল্প। আজিৰ এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব (স্বাস্থ্য আৰু পৰিয়াল কল্যাণ) অবিনাশ যোশী, ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অতিৰিক্ত সচিব তথা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অভিযান সঞ্চালিকা এল এছ চাংচনৰ লগতে গুৱাহাটীৰ সৰ্বভাৰতীয় আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান (এইমছ)ৰ সঞ্চালক ডাঃ অশোক পুৰাণিক, নেচনেল ইনষ্টিউট অৱ ফাৰ্মাচিউটিকেল এডুকেছন এণ্ড ৰিচাৰ্ছ (নাইপাৰ)ৰ তত্ত্বাৱধায়ক সঞ্চালক অধ্যাপক ইউ এছ এন মুৰ্তি, ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ উচ্চ পদস্থ বিষয়াবৰ্গ, স্বাস্থ্য বিভাগৰ অধীনৰ কেউটা সঞ্চালকালয়ৰ সঞ্চালকৰ লগতে আইআইটি, এইমছ আৰু নাইপাৰৰ অধ্যাপক-শিক্ষাৰ্থী আদিয়ে অংশগ্ৰহণ কৰে। আনহাতে, ডিব্ৰুগড় জিলাৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলী, কোকৰাঝাৰ আৰু গোসাইগাঁৱৰ পৰা বড়োলেণ্ড স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ লগতে আনকেইখন জিলাৰ পৰা কেইবাগৰাকীও বিধায়কেও ভাৰ্চুৱেল পদ্ধতিৰে আজিৰ এই উদ্বোধনী-শিলান্যাস কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment