গুৱাহাটীত ইভি চার্জিং নেটৱৰ্ক স্থাপনৰ বাবে টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি




গুৱাহাটী,১৪ অক্টোবৰঃ ইলক্ট্ৰিক ভেহিকল চমুকৈ ইভি চাৰ্জিং নেটৱৰ্ক স্থাপনৰ বাবে টাটা পাৱাৰ সৈতে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে অসম চৰকাৰে। শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত পৰিবহন আয়ক্তৰ কাৰ্যালয়ৰ সভাকক্ষত পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহন বিভাগ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ মাজত বুজাবুজিৰ এই চুক্তি স্বাক্ষৰিত হয়। অসম চৰকাৰৰ হৈ পৰিবহন আয়ুক্ত ড° ৰবীন কুমাৰ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ হৈ গ্ৰুপৰ ব্যৱসায়িক উন্নয়ন মুৰব্বী বীৰেন্দ্ৰ গোৱেলে বুজাবুজিৰ এই চুক্তিত স্বাক্ষৰ কৰে। উল্লেখ্য যে এই চুক্তিৰ যোগেদি টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডে গুৱাহাটী মহানগৰীত ইভি চার্জিং আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াব। এই পদক্ষেপৰ অংশ হিচাবে টাটা পাৱাৰে চহৰৰ ভিতৰত পাইলট প্রজেক্ট হিচাপে গুৰুত্বপূৰ্ণ স্থানত ১০টা উন্নত ইভি চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ সাজু হৈছে। ইভি চার্জাৰৰ এই নেটৱৰ্কে পথসমূহত ইলক্ট্রিক বাহন ব্যৱহাৰ বৃদ্ধিৰ সম্ভাৱনাৰ পথ প্ৰশস্ত কৰিব। যিয়ে বহনক্ষম নগৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ সৈতে মিল থকা বায়ু প্ৰদূষণ হ্রাস কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত দিনবোৰত গ্ৰহণ কৰা পদক্ষেপৰ সাকাৰ ৰূপ দিয়াত সহায় কৰিব। উল্লেখ্য যে একেটা অনুষ্ঠানতে পথ সুৰক্ষা মোবাইল এপ আৰু কৃত্রিম বুদ্ধিমত্তা সক্ষম হোৱাটছএপ ভিত্তিক 'পথ সুৰক্ষা সহযোগী' নামৰ এটা এপ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে। এই এপৰ জৰিয়তে প্রতিজন নাগৰিকে পথ সুৰক্ষাৰ বিভিন্ন অভিযোগসমূহ উপস্থাপন কৰিব পাৰিব। এই প্রযুক্তিগত পদক্ষেপে ৰাজ্যত পথ সুৰক্ষাৰ সজাগতাৰ লগতে পথ দূৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্রাস কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। আনহাতে এই কাৰ্যসূচীৰ পূৰ্বে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এটা অত্যাধুনিক সভাগৃহও উদ্বোধন কৰে। বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই প্ৰদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত টাটা পাৱাৰ ইভি চার্জিং চলিউন লিমিটেডে লোৱা এনে পদক্ষেপৰ শলাগ লয়। প্রায় ৫৪ শতাংশ প্রদূষণ যান-বাহনৰ পৰা হয় বুলি উল্লেখ কৰি তেওঁ ৰাজহুৱা স্থানত ইলক্ট্রিক বাহনৰ চার্জিং ষ্টেচন স্থাপনে মহানগৰী তথা ৰাজ্যখনৰ জনসাধাৰণক এই বাহন ক্ৰয়ৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত কৰিব বুলি সদৰি কৰে। তেওঁ ষ্টেচন কেইটা সোনকালে স্থাপন কৰাৰ পদক্ষেপ ল'বলৈ প্ৰতিষ্ঠানটোক আহ্বান জনায়। অনুষ্ঠানত বক্তব্য প্রদান কৰি টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বাণিজ্যিক উন্নয়নৰ মুৰব্বী বীৰেন্দ্ৰ গোৱেলে প্রাথমিক অৱস্থাত মহানগৰীৰ বিভিন্ন স্থানত ১০টা এনেকুৱা ষ্টেচন স্থাপনৰ পিছত ৰাজ্যখৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য স্থানসমূহ ইভি ষ্টেচন স্থাপন কৰা হ'ব বুলি কয়। অনুষ্ঠানত পৰিবহন বিভাগৰ সচিব আদিল খানে বিভাগে পথ দুৰ্ঘটনা হ্রাস কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানত পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া, টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বিষয়ববীয়া উপস্থিত আছিল। আনহাতে পথ সুৰক্ষা সহযোগী এপ মুকলি অনুষ্ঠানত বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমিত সিঙেও বক্তব্য প্রদান কৰে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment