অমৃত কলহ যাত্রাত ভাগ লোৱাৰ বাবে কংগ্ৰেছৰ দুই নেতাক নিলম্বন


গুৱাহাটী,১০ অক্টোবৰঃ বিজেপি চৰকাৰৰ অমৃত কলহ যাত্ৰাত ভাগ লোৱাৰ অপৰাধত অসম প্ৰদেশ কংগ্ৰেছে নিলম্বন কৰিছে ২জনকৈ কংগ্ৰেছী নেতাক। গোৱালপাৰাৰ মাটিয়া ব্লক কংগ্রেছৰ সভাপতি আইনাল হক চৌধুৰী আৰু গোৱালপাৰা জিলা মহিলা কংগ্রেছৰ সভানেত্রী আফ্ৰুজা বেগমক নিলম্বন কৰা হৈছে। মঙলবাৰে গুৱাহাটীস্থিত অসম প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা এক নিলম্বন নিৰ্দেশনাৰ যোগে এই কথা সদৰি কৰা হয়। উক্ত নিৰ্দেশনাখনত উল্লেখ থকা অনুসৰি যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে কটু মন্তব্য কৰিছে, বিজেপি নেতাই কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীৰ ফটো বিকৃতকৰণ কৰি তেখেতক ৰাৱনৰ অৱতাৰ বুলি প্ৰচাৰ কৰিছে। সেই সময়ত উক্ত দুই নেতাই বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত চলি থকা এই জনসংযোগ কাৰ্যসূটীত যোগদান কৰি দলৰ ক্ষতি কৰিছে। লগতে তেওঁলোকৰ এই কাৰ্যই দলৰ অন্য কৰ্মকৰ্তাসকলকো মোহ ভংগ কৰিছে। গতিকে অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰাৰ নিৰ্দেশত দুয়োগৰাকী কৰ্মকৰ্তাকে তাৎক্ষণিকভাৱে নিলম্বন কৰা হৈছে বুলি নিৰ্দেশনাত কোৱা হৈছে। লক্ষণীয় যে বিজেপি চৰকাৰৰ অমৃত কলহ যাত্রাত কংগ্ৰেছৰ কেইবাজনো বিধায়কে অংশ গ্ৰহণ কৰিছিল। তেওঁলোকৰ বিৰুদ্ধে দলে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া লক্ষণীয় হ'ব।



Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment