মানসিক স্বাস্ব্যৰ গুৰত্ব সম্পৰ্কে কি ক'লে মনোবিজ্ঞানী দিশা শৰ্মাই
গুৱাহাটী,১০ অক্টোবৰঃ আজি ১০ অক্টোবৰ বিশ্ব মানসিক স্বাস্থ্য দিৱস। এই দিৱসটো ১৯৯২ চনত প্ৰথম বাৰৰ বাবে পালন কৰা হৈছিল। তাৰ পাছৰে পৰাই প্ৰত্যেক বছৰে ১০ অক্টোবৰৰ দিনটো বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাপে পালন কৰি অহা হৈছে। মানসিক স্বাস্থ্য সম্পৰ্কে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ প্ৰতি লক্ষ্য ৰাখি এই দিৱসটো পালন কৰি অহা হৈছে। এই দিৱসটোত মানসিক স্বাস্থ্যৰ গুৰুত্ব সম্পৰ্কে সংবাদ মাধ্যমৰ আগত কেতবোৰ দিশ উল্লেখ কৰে বিশিষ্ট মনোবিজ্ঞানী তথা কাউন্সিলিং চাইকলজিষ্ট দিশা শৰ্মাই। তেওঁ কয় যে এজন মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ'বলৈ হ'লে শাৰীৰিক আৰু মানসিকভাৱে সুস্থ্য হ'ব লাগিব। বহু সময়ত মানুহে মানসিক স্বাস্থ্যৰ ওপৰত গুৰুত্ব নিদিয়ে আৰু যাৰ ফলত সমস্যাৰ সন্মূখীন হয়। মানসিক ৰোগ মানেই 'পাগল' নহয়। কিন্তু মানুহৰ মাজত তেনে এক মানসিকতা থকাৰ বাবেই বহুতে মনোৰোগ বিশেষজ্ঞ নাইবা মনোবিজ্ঞানীৰ কাষলৈ যোৱাৰ বাবে সংকোচ কৰে। বৰ্ত্তমানৰ যান্ত্রিকতাৰ যুগত মানুহৰ মাজত সম্পৰ্কৰ অভাৱ পৰিলক্ষিত হয় আৰু যাৰ বাবে মানুহে নিসংগতা অনুভৱ কৰে। মোবাইল-ইণ্টাৰনেটৰ আজিৰ যুগত পৰিৱেশ-পৰিস্থিতিয়ে মানুহৰ মানসিকতাত বিশেষ প্ৰভাৱ পেলাই বুলি তেওঁ কয়। আনহাতে অপৰাধ প্ৰৱনতা তথা বৰ্ধিত অপৰাধৰ ক্ষেত্রতো মানসিক স্বাস্থ্যৰ কথা জড়িত হৈ থাকে। তেওঁ কয় যে মানসিক স্বাস্থ্যৰ অবনতি ঘটিলে সাধাৰণতে মানুহৰ স্বভাৱ আৰু আচৰণ তথা ব্যৱহাৰত পৰিৱৰ্তন আহে। সেয়ে এনেবোৰ দিশত পৰিয়ালৰ লোকেই নজৰ ৰখাটো দৰকাৰী বিষয়। বিশেষকৈ সন্তানৰ ক্ষেত্রত অভিভাৱকে নজৰ ৰখাটো প্ৰয়োজনীয় বুলি তেওঁ কয়। আনহাতে মানসিক স্বাস্থ্য কিদৰে ভালে ৰাখিব পাৰি সেই সন্দৰ্ভত কেতবোৰ পৰামৰ্শ আগবঢ়াই দিশা শৰ্মাই।

0 Comments:
Post a Comment