বিশিষ্ট সাহিত্যিক-শিক্ষাবিদ-সংগীতজ্ঞ বীৰেন্দ্ৰ নাথ দত্তৰ দেহাৱসান


গুৱাহাটী,২৩ অক্টোবৰঃ মহা নৱমীৰ পুৱাই ৰাজ্যবাসীৰ বাবে আহিল এক বেয়া খবৰ। সোমবাৰৰ পুৱাই দিশপুৰ পলিক্লিনিক হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ, সংগীতজ্ঞ ড০ বীৰেন্দ্ৰ নাথ দত্তই। বহুদিন ধৰি চিকিৎসাধীন হৈ থকাৰ পাছত সোমবাৰে পুৱা প্ৰায় ৭ বজাত ৮৮ বছৰ বয়সত বিয়োগ ঘটে লোক সংস্কৃতিৰ সাধকগৰাকীৰ। লোকপ্ৰিয় কণ্ঠশিল্পী বীৰেন্দ্ৰ নাথ দত্তৰ জন্ম হৈছিল ১৯৩৫ চনত। বিশিষ্ট শিক্ষাবিদগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোকসংস্কৃতি বিভাগৰ বিভাগীয় প্রধানৰূপে অৱসৰ গ্ৰহণ কৰি তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত পৰম্পৰাগত সংস্কৃতি আৰু কলা বিভাগৰ প্ৰতিষ্ঠাপক অধ্যাপকৰূপে দায়িত্ব নির্বাহ কৰি ২০০০ চনত অৱসৰ গ্ৰহণ কৰিছিল। অসমীয়া আৰু ইংৰাজী ভাষাত দত্তই প্রায় ২৩ ঘন গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছে। অসমীয়া সাহিত্যলৈও বীৰেন্দ্ৰ নাথ দত্তৰ আছিল অপূৰণীয় অৱদান। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হ'ল- “গোৱালপৰীয়া লোকগীত সংগ্রহ' (১৯৭৪), অসমীয়া সংগীতৰ ঐতিহ্য' (১৯৭৭), "ব্যক্তি-সংস্কৃতি ইত্যাদি' (১৯৮৫), ভাষা-সাহিত্যৰ জলঙাইদি' (১৯৮৮) আদি। অসমৰ সংগীত জগতলৈও বিশিষ্ট সংগীতজ্ঞগৰাকীয়ে বহু অৱদান আগবঢ়াই গৈছে। তেখেতৰ বহু চিৰসেউজ গীতে আজিও সংগীত প্ৰেমীসকলক আলোড়িত কৰে। উল্লেখ্য যে ২০০৩ আৰু ২০০৪ খ্ৰীষ্টীয় বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতিৰূপেও মনোনীত হৈছিল ড০ বীৰেন্দ্ৰ নাথ দত্ত। অসম সাহিত্য সভাই প্ৰকাশ কৰা 'বিশ্বকোষ'ৰ বিশ্ব সাহিত্য' আৰু 'লোকসাহিত্য' শীৰ্ষক খণ্ডটোৰ মুখ্য সম্পাদক আছিল বিশিষ্ট সাহিত্যিকগৰাকী। উল্লেখ্য যে ২০০৯ চনত পদ্মশ্ৰী সন্মান লাভ কৰিছিল ড০ বীৰেন্দ্ৰ নাথ দত্তই।


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment