দুৰ্গোৎসৱৰ আজি মহা নৱমী : সিদ্ধিদাত্ৰীৰ ৰূপত দেৱী দুৰ্গাৰ আৰাধনা




গুৱাহাটী,২৩ অক্টোবৰঃ শাৰদীয় দুৰ্গোৎসৱৰ আজি মহানৱমী। প্ৰবাদ মতে মহাশক্তি দুৰ্গাই মহিষাসুৰ বধৰ বাবে আজি লৈছিল মহিষমৰ্দিনী ৰূপ আৰু সংহাৰী যুঁজখনৰ আজি আছিল অন্তিম দিন। দেৱী দুৰ্গাই সমস্ত শক্তিৰে নৱমীৰ শেষ ক্ষণত অমোঘ অস্ত্ৰৰে প্ৰহাৰ কৰিছিল মহিষাসুৰক আৰু দশমীৰ পুৱাই বধ হৈছিল মহিষাসুৰ। মহানৱমীৰ দিনা সিদ্ধিদাত্ৰীৰ ৰূপত পূজিত হয় মা দুৰ্গা। শাৰদীয় দুৰ্গোৎসৱৰ আজি শেষৰটো দিন। সমগ্ৰ দেশতে মুখৰিত হৈ আছে দেৱী মাৰ বন্দনা। ৰাজ্যৰো বিভিন্ন দেৱালয়ত আজি কুমাৰী পূজাও অনুষ্ঠিত হ'ব। বহুতো মঠ-মন্দিৰত বলি-বিধানেৰেও কৰা হৈছে মাৰ আৰাধনা। ৰাজ্যৰ সৰ্বত্র এতিয়া দুৰ্গা পূজাৰ অনাবিল আনন্দ। 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment