বিধায়ক ভাস্কৰ শৰ্মা এণ্ড কোম্পানীৰ মাফিয়াৰাজ উদঙালে ৰাইজৰ দলে


গুৱাহাটী,৯ অক্টোবৰঃ অসম চৰকাৰৰ ‘এডভাণ্টেজ আছাম’লৈ সঁহাৰি জনাই বিপদত পৰিছে এগৰাকী উদীয়মান বিনিয়োগকাৰী৷ ঈশান জৈন নামৰ কলকাতাৰ এগৰাকী যুৱ বিনিয়োগকাৰীয়ে মাৰ্ঘেৰিটাত স্থাপন কৰা এটা কাৰখানা জালিয়াতি আৰু বলপ্ৰয়োগ কৰি নিজৰ হাতলৈ নিয়া বুলি অভিযোগ উত্থাপন হৈছে বিজেপিৰ বাহুবলী বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে। এই সন্দৰ্ভত প্ৰকাশিত সংবাদৰ ওপৰত ভিত্তি কৰি ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলটোৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কয় যে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমত এতিয়া মুকলিকৈ মাফিয়াৰাজ চলিছে৷ এই মাফিয়াৰাজৰ নেতৃত্ব লৈছে খোদ শাসকীয় দলৰ বিধায়কে৷ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে কয়লাৰ চিণ্ডিকেট চলোৱা বুলি বাৰম্বাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ এইবাৰ বিধায়কগৰাকীৰ সমষ্টিত আনে স্থাপন কৰা কাৰখানা মাফিয়াগিৰিৰে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে৷ আশ্বৰ্যজনকভাৱে তিনিচুকীয়াৰ আৰক্ষী অধীক্ষকক লিখিতভাৱে অৱগত কৰাৰ পিছতো আৰক্ষীয়ে এতিয়ালৈকে গোচৰেই পঞ্জীয়ণ কৰা নাই৷ যি সময়ত ৰাজ্য চৰকাৰে অসমলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিনিয়োগকাৰীক ৰঙা দলিচা পাৰি আদৰি অনাৰ চেষ্টা কৰিছে, তেনে সময়তে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে উত্থাপন হৈছে বিনিয়োগকাৰীক ভয় ভাবুকি প্ৰদৰ্শন কৰি এটা উদ্যোগ কাঢ়ি লোৱাৰ গুৰুতৰ অভিযোগ। তেওঁ কয় যে অভিযোগ অনুসৰি বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙ আৰু চন্দন কলিতাই ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত লগ পাইছিল কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক৷ ভাস্কৰ শৰ্মাৰ এই সহযোগী দুগৰাকীয়ে ঈশান জৈনক মাৰ্ঘেৰিটাত এটা কোক উদ্যোগ স্থাপনৰ প্ৰস্তাৱ দিয়ে আৰু ইয়াৰ বাবে সকলো সহযোগিতা আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে৷ তিনিচুকীয়া জিলাৰ টিৰাপ মৌজাৰ টিপং পানী নতুন গাঁৱত এটা নতুন কাৰখানা স্থাপনৰ বাবে তেওঁলোকৰ উপযুক্ত মাটি থকাৰ লগতে কাৰখানা স্থাপন কৰিবলৈ প্ৰয়োজনীয় পৰিৱেশ অনুজ্ঞা থকাৰ কথা জনায়৷ প্ৰদীপ সিঙ আৰু চন্দন কলিতাৰ প্ৰস্তাৱ আছিল ক'ক উদ্যোগ স্থাপনৰ বাবে বিধায়ক ভাস্কৰ শৰ্মাই সকলো সহযোগিতা আগবঢ়াব আৰু ইয়াৰ বিনিময়ত প্ৰতিখন কয়লাৰ ট্ৰাকৰ বিপৰীতে ভাস্কৰ শৰ্মাক দিব লাগিব ২০ হাজাৰ টকাকৈ। প্ৰদীপ সিঙ আৰু চন্দন কলিতাই ঈশান জৈনক প্ৰস্তাৱ দিয়ে যে নতুনকৈ প্ৰতিষ্ঠা হোৱা কোম্পানীৰ নামত পৰিৱেশ অনুজ্ঞা হস্তান্তৰ কৰি দিব৷ কনচেণ্ট টু অপাৰেট ৰ ব্যৱস্থা কৰি দিব৷ নতুনকৈ গঠিত কোম্পানীৰ নামত মাটিৰ লিজৰ সকলো নথি-পত্ৰ হস্তান্তৰ কৰি দিব৷ বিজেপি বিধায়ক ভাস্কৰ শৰ্মাৰ সহযোগিসকলৰ প্ৰস্তাৱ অনুসৰিয়ে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙৰ সৈতে এটা কোম্পানী গঠন কৰে৷ কোম্পানীটোৰ নাম  ব্ৰাইটচাইন ক'ক এণ্ড ক’ল প্ৰাইভেট লিমিটেড৷ কোম্পানীটোৰ সঞ্চালক হ’ল ঈশান জৈন আৰু প্ৰদীপ সিঙ৷ এই কোম্পানীটোত ঈশান জৈনৰ ২ লাখ ৫০ হাজাৰটা শ্বেয়াৰ থকাৰ বিপৰীতে প্ৰদীপ সিঙৰ শ্বেয়াৰ আছিল মাত্ৰ ১ হাজাৰটা৷ অৰ্থাৎ কোম্পানীৰ সকলো বিনিয়োগ যে কলকাতাৰ ব্যৱসায়ী ঈশান জৈনে কৰিছিল সেয়া স্পষ্ট৷ আনহাতে টিৰাপ মৌজাৰ টিপং পানী নতুন গাঁৱৰ ২০ নং পট্টা ১২৬ নং দাগৰ ৭ বিঘা মাটিত ঈশান জৈন আৰু প্ৰদীপ সিঙৰ নামত লিজত লোৱাৰ বন্দবস্তি কৰা হয়৷ সেই মাটিত ডিচেম্বৰ, ২০২২ চনত প্ৰায় ৫ কোটি টকাৰ বিনিয়োগেৰে উদ্যোগ স্থাপনৰ কাম সম্পূৰ্ণ হৈ উঠে৷ প্ৰাপ্ত তথ্য মতে বিনিয়োগৰ ১০০ শতাংশই ঈশান জৈনৰ৷ কিন্তু উদ্যোগৰ কাম সম্পূৰ্ণ হৈ উঠাৰ লগে লগেই এইবাৰ ভাস্কৰ শৰ্মা বাহিনীয়ে অন্য ৰূপ দেখুৱাবলৈ আৰম্ভ কৰে৷ কথা আছিল- উদ্যোগ স্থাপনৰ পিছত ব্ৰাইটচাইন কোক আৰু ক’ল প্ৰাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা হ’ব পৰিৱেশ অনুজ্ঞা আৰু কনচেণ্ট টু অপাৰেট চাৰ্টিফিকেট৷ কিন্তু ব্ৰাইটচাইন ক'ক আৰু ক’ল প্ৰাইভেট লিমিটেডলৈ হস্তান্তৰ কৰা নহ’ল পৰিৱেশ অনুজ্ঞা আৰু কনচেণ্ট টু অপাৰেট চাৰ্টিফিকেট৷ তাৰ পৰিৱৰ্তে ভাস্কৰ শৰ্মাৰ সহযোগী প্ৰদীপ সিঙে গুণ্ডা বাহিনী লগাই সদলবলে প্ৰৱেশ কৰে ঈশান জৈনে স্থাপন কৰা উদ্যোগত৷ অভিযোগ অনুসৰি তাৰ পাছত ঈশান জৈনকে নিজৰ উদ্যোগৰ পৰা বাহিৰ কৰি দিয়ে আৰু কেতিয়াও সেই স্থানত প্ৰৱেশ নকৰিবলৈ ভাবুকি প্ৰদান কৰে৷ কেৱল সিমানতেই শেষ হোৱা নাছিল ভাস্কৰ শৰ্মা বাহিনীৰ গুণ্ডাৰাজ৷ ২৪ জানুৱাৰী, ২০২৩ তাৰিখে মাৰ্ঘেৰিটা আৰক্ষীয়ে ভাড়াঘৰৰ পৰা কলকাতাৰ ব্যৱসায়ী ঈশান জৈনক আটক কৰি থানালৈ আনে আৰু ওৰে ৰাতি যুৱ ব্যৱসায়ীজনক ভয় ভাবুকি প্ৰদান কৰি মাৰ্ঘেৰিটা এলেকাৰ পৰা পলাই যাবলৈ নিৰ্দেশ দিয়ে৷ পাছদিনা পুৱা থানাৰ পৰা ঈশান জৈনক মুকলি কৰি দিয়া হয় আৰু তৎকালে মাৰ্ঘেৰিটা ত্যাগ কৰিবলৈ ভাবুকি প্ৰদান কৰা হয়৷ যোৱা ২৫ জানুৱাৰীত ঈশান জৈনে মাৰ্ঘেৰিটাৰ পৰা পলাই যায়৷ ভাস্কৰ শৰ্মা বাহিনীৰ ধাৰাবাহিক ভাবুকি আৰু আৰক্ষীৰ অত্যাচাৰৰ পাছত ঈশান জৈনে কোম্পানীটোৰ সঞ্চালকৰ পদেই ত্যাগ কৰে৷ নতুন উদ্যোগীজনে ভাস্কৰ শৰ্মা বাহিনীৰ মাফিয়াগিৰিত ইমানেই ভয় খায় যে কোম্পানীটোৰ আন এজন সঞ্চালক মহেশ ভীমচাৰিয়াই জনোৱা অনুসৰি ঈশান জৈন মানসিকভাৱে ভাগি পৰে৷ বিগত ১৫ জুনত ঈশান জৈনৰ স্থানত কোম্পানীৰ সঞ্চালক হিচাপে যোগদান কৰে তেওঁৰেই আত্মীয় মহেশ ভীমচাৰিয়াই৷ কিন্তু ভাস্কৰ শৰ্মা বাহিনীয়ে আগৰ দৰেই ভয় ভাবুকিৰে মহেশ ভীমচাৰিয়াকো উদ্যোগত প্ৰৱেশ কৰিবলৈ দিয়া নাই৷ এক অৰ্থত ভয় ভাবুকিৰে কলকাতাৰ ব্যৱসায়ীয়ে স্থাপন কৰা উদ্যোগটো কাঢ়ি ল’লে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ বাহিনীয়ে৷ উপায়হীন হৈ কলকাতাৰ ব্যৱসায়ীগৰাকী তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষকৰ ওচৰ চাপিল৷ কিন্তু আৰক্ষী অধীক্ষকজনে এতিয়া পৰ্যন্ত গোচৰেই  ৰুজু নকৰিলে৷ তাৰ পাছত শেহতীয়াকৈ কলকাতাৰ ব্যৱসায়ীগৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ দুখনকৈ চিঠি লিখি স্পষ্টভাৱে উল্লেখ কৰিছে যে মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মা আৰু তেওঁৰ দুজন সহযোগী প্ৰদীপ জৈন আৰু চন্দন কলিতাই ব্ৰাইটচাইন কোক এণ্ড ক’ল প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৰ দ্বাৰা ১০০ শতাংশ বিনিয়োগ কৰা উদ্যোগটো কাঢ়ি  লৈছে৷ অসমৰ মুখ্যমন্ত্ৰীক বাৰম্বাৰ জনোৱাৰ পাছতো কলকাতাৰ ব্যৱসায়ীজনক এতিয়ালৈকে উদ্যোগটো ঘূৰাই দিয়া নাই৷ ৰাইজৰ দলে আজি সংবাদ মেলৰ জৰিয়তে অসমৰ শাসকীয় দলৰ বিধায়কৰ এই গুণ্ডাৰাজ বন্ধ কৰিবলৈ, ভাস্কৰ শৰ্মা আৰু আন দুজন মাফিয়াক গ্ৰেপ্তাৰ কৰিবলৈ আৰু উদ্যোগটো কলকাতাৰ ব্যৱসায়ীজনক ঘূৰাই দিবলৈ অসম চৰকাৰক দাবী উত্থাপন কৰিছে৷ এই ঘটনাই অসমৰ আইন শৃংখলাৰ পৰিস্থিতি সম্পূৰ্ণ উদঙাই দিলে বুলিও দলটোৱে সংবাদ মেলৰ জৰিয়তে ব্যক্ত কৰে৷ সংবাদ মেলত ৰাইজৰ দলে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ আমোলত অসমত আৰম্ভ হৈছে মুকলি জংঘলৰাজ৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment