নাওবৈচাত ৰাইজৰ ৰোষত সাংবাদিক : দুই ফৈদৰ মাৰপিটত আহত গাঁওৰক্ষী বাহিনীৰ সভাপতি


লখিমপুৰ,৯ অক্টোবৰঃ লখিমপুৰ জিলাৰ নাওবৈচা ৰাজহ চক্ৰৰ অন্তৰ্গত বৰচলাত আজি দুটা ফৈদৰ মাজত প্ৰচণ্ড মাৰপিটৰ ঘটনা সংঘটিত হয়৷ এই ঘটনাত পৰ্টেলৰ সাংবাদিক সহ গাঁওৰক্ষী বাহিনীৰ সভাপতিকে ধৰি ভালেকেইজন লোক আহত হয়৷ ভূমি সংক্ৰান্তীয় ঘটনাক লৈ একপক্ষীয় ভাৱে বাতৰি পৰিৱেশন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰে বৰচলাৰ আব্দুল কালাম নামৰ স্বয়ম্ভু ফেচবুক সাংবাদিজন৷ উত্তেজিত লোকে পৰ্টেলৰ সাংবাদিক কালামক দৌৰাই দৌৰাই প্ৰহাৰ কৰে৷ ৰাইজে খেদি খেদি  প্ৰহাৰ কৰে যদিও প্ৰাণ লৈ পলাই আহিবলৈ সক্ষম হয়  সাংবাদিকজন৷ আনহাতে এই ঘটনাত স্থানীয় গাঁওৰক্ষী বাহিনীৰ সভাপতি জালালউদ্দিন নামৰ লোকজনো গুৰুতৰ ভাৱে আহত হয়৷ জালালউদ্দিনকো একাংশ উত্তেজিত লোকে গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাত তেওঁ গুৰুতৰ ভাৱে আহত হয়৷ আজি এই ঘটনাত দুই ফৈদৰ কেবাজনো লোক আহত হয়৷ জালালউদ্দিনে অভিযোগ কৰে যে আলালউদ্দিনৰ ঘৰত তেওঁ উপস্থিত হোৱাৰ সময়ত জাভেদ আলিৰ গুণ্ডাবাহিনীৰ এটা দলে তেওঁক গুৰুতৰ ভাৱে প্ৰহাৰ কৰি আহত কৰে। উক্ত ঘটনাৰ কিছুসময়ৰ পিছতে আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে৷ উল্লেখযোগ্য যে এই ঘটনাৰ পিছত দুয়ো ফৈদে আৰক্ষীক পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে৷


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment