‘সাংস্কৃতিক মহাসংগ্রাম’ত সত্ৰীয়া নৃত্য’ক উপেক্ষা কৰাৰ অভিযোগ অসম সত্র মহাসভাৰ


গুৱাহাটী,৫ অক্টোবৰঃ সাংস্কৃতিক মহাসংগ্রাম নামেৰে ৰাজ্য চৰকাৰে আয়োজন কৰা এলানি বিয়াগোম প্রতিযোগিতাত অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত সত্ৰীয়া নৃত্যক উপেক্ষিত কৰাৰ অভিযোগ উত্থাপন হৈছে। সাংস্কৃতিক মহাসংগ্ৰামৰ বাবে ৰাজ্য চৰকাৰে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ প্ৰেৰণ কৰা পত্ৰত উল্লেখ কৰা প্ৰতিযোগিতাসমূহৰ ভিতৰত জ্যোতি সংগীত, বিষ্ণু ৰাভা গীত, ভূপেন্দ্ৰ সংগীত, ৰবীন্দ্ৰ সংগীত, বিহু নৃত্য আৰু নৃগোষ্ঠীয় নৃত্যক প্রাধান্য দিয়া হৈছে। কিন্তু অসমৰ একমাত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত সত্ৰীয়া নৃত্যক সাংস্কৃতিক সঞ্চালকালয়ৰ বছৰজোৰা এই প্রতিযোগিতাত উপেক্ষা কৰা হৈছে। এই অভিযোগ অসম সত্ৰ মহাসভাৰ। অসম সত্র মহাসভাৰ প্ৰচাৰ সম্পাদক ঈশ্বৰকান্ত দেৱ মহন্তই এই সন্দৰ্ভত বিবৃতিত যোগে কয় যে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ আমোলত অসম তথা অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসমৰ সত্ৰ সংস্কৃতিক আওকাণ কৰি তেনেধৰণৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱাটো কেৱল চিন্তনীয়ই নহয় চৰম পৰিতাপৰ কথা। আনহাতে অসম সত্ৰ মহাসভাৰ সম্পাদক প্রধান কুসুম কুমাৰ মহন্তই অতি দুখেৰে মন্তব্য কৰে যে বৰ্তমানৰ বিজেপিশাসিত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে অসমৰ সত্ৰ সংস্কৃতিক বিশেষ মাত্রা প্রদান কৰি যি ৰূপত সৰ্বাংগীণ উন্নয়নৰ বাবে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে সাংস্কৃতিক সঞ্চালকালয়ৰ উক্ত প্রতিযোগিতাত সত্ৰীয়া নৃত্যক উপহাস কৰাটো গৰিহণাৰ যোগ্য। অসম চৰকাৰৰ অধীনস্থ সাংস্কৃতিক সঞ্চালকালয়ে এক জাননীযোগে ২০২৩-২০২৪ বৰ্ষৰ বাবে অসম সাংস্কৃতিক মহাসংগ্রাম নামেৰে এলানি প্রতিযোগিতা অনুষ্ঠিত কৰাৰ অৰ্থে সংশ্লিষ্ট কৰ্তৃপক্ষসমূহলৈ পত্ৰ প্ৰেৰণ কৰিছে। এই সন্দৰ্ভত সম্পাদক প্ৰধানজনে যে অসমত বিশেষকৈ মুখ্যমন্ত্রী ড° শৰ্মাই সত্ৰসমূহৰ উন্নয়ন তথা বেদখলৰ ক্ষেত্ৰত যি যোগাত্মক ভূমিকা অৱলম্বন কৰি যুদ্ধকালীন প্রচেষ্টা অব্যাহত ৰাখিছে বিগত কোনো এখন চৰকাৰৰ দিনতে অসমৰ সত্ৰ-সংস্কৃতিক ৰক্ষণাবেক্ষণ দিয়াত তেনে ইতিবাচক ভূমিকা পালন কৰা হোৱা নাছিল। কিন্তু তেনে সময়তে ‘সত্ৰীয়া নৃত্য’ক সাংস্কৃতিক সঞ্চালকালয়ৰ বছৰজোৰা বিয়াগোম প্রতিযোগিতাত উপেক্ষা কৰাটো চৰম পৰিতাপৰ বিষয়। এইক্ষেত্রত তেওঁ আশা কৰে যে মুখ্যমন্ত্ৰীয়ে নিজে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি একমাত্ৰ ৰাষ্ট্ৰীয় স্বীকৃতিপ্রাপ্ত সত্ৰীয়া নৃত্যক প্রতিযোগিতাত অন্তর্ভুক্ত কৰি অসম তথা অসমীয়াৰ হৃদপিণ্ডস্বৰূপ সত্ৰসমূহক যথোচিত সন্মান প্ৰদৰ্শন কৰিব আৰু সত্ৰীয়া ৰাইজক অনুপ্ৰেৰণা যোগাব। সাংস্কৃতিক সঞ্চালকালয়ৰ পত্ৰখনত উল্লেখ থকা মতে ৰাজ্যৰ জিলা আয়ুক্তসমূহক নৃত্য আৰু গীতৰ প্ৰতিযোগী নির্বাচন আৰু প্ৰচাৰৰ ক্ষেত্ৰত কৰ্তৃত্ব প্ৰদান কৰা হৈছে। গাওঁ পঞ্চায়ত, ৱাৰ্ড, সমষ্টি ভিত্তিক সংশ্লিষ্ট কর্তৃপক্ষকো এই বিষয়ে অবগত কৰা হৈছে। প্ৰথমতে গাঁও পঞ্চায়ত, ৱাৰ্ড আৰু সমষ্টিভিত্তিক প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। উল্লেখ্য যে চলিত বৰ্ষৰ ১ ডিচেম্বৰৰ পৰা ২০ ডিচেম্বৰৰ ভিতৰত সমষ্টিভিত্তিক আৰু ২০২৪ বৰ্ষৰ ২ জানুৱাৰীৰ পৰা ২০ জানুৱাৰীলৈ জিলাভিত্তিক প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। সাংস্কৃতিক সঞ্চালকালয়ে সত্ৰীয়া নৃত্যক একাষৰীয়া কৰা বিষয়টোত মুখ্যমন্ত্রী ড° শৰ্মাই কেনেদৰে গুৰুত্ব আৰোপ কৰে সেয়া সময়ত লক্ষণীয় হ’ব বুলি অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদকজনে কয়।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment