পুনৰ অশান্ত মণিপুৰ, দুটা ঘৰত অগ্নিসংযোগ



নিউজ ডেক্স,৫ অক্টোবৰঃ মণিপুৰৰ পৰিস্থিতি ক্ৰমান্বয়ে পুনৰ উত্তপ্ত হৈ পৰিছে। মণিপুৰৰ ইম্ফলৰ পশ্চিম জিলাত বিয়পি পৰিছে নতুন হিংসা। বুধবাৰে নিশা গৰম হৈ পৰে পাটছ’ই অঞ্চলৰ পৰিবেশ। হঠাৎ কেইবা ৰাউণ্ড গুলীৰ শব্দ শুনা গ'ল অঞ্চলটোত। দুটা ঘৰত অগ্নিসংযোগ কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে বুধবাৰে নিশা প্ৰায় ১০ বজাত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে এই তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী সেই স্থানলৈ যায়। কেইবা ঘণ্টীয়া প্ৰচেষ্টাৰ অন্তত নিয়ন্ত্ৰণলৈ অনা হয় অগ্নিকাণ্ড। ঘটনাৰ পিছতে অতিৰিক্ত নিৰাপত্তা মোতায়েন কৰা হৈছে। বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণত আছে। ৰাজ্যখনত বিগত কেইমাহমানৰ ১৭৫ জন লোকৰ মৃত্যু হৈছে। আনহাতে গৃহহীন হৈছে বহু লোক।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment