অসম আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সুৰক্ষা আৰু উদ্ধাৰৰ মকড্ৰিল



গুৱাহাটী,৭ অক্টোবৰঃ গুৱাহাটীৰ লাচিত ঘাটত আজি অসমৰ জলপথত যাত্ৰা কৰা যাত্ৰী আৰু জাহাজ-নাও কৰ্মীসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ উদ্যেশ্যেৰে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত সুৰক্ষা আৰু উদ্ধাৰ সংক্ৰান্তীয় মকড্ৰিল অনুষ্ঠান অনুষ্ঠিত হৈ যায়। এই মকড্ৰিল অনুষ্ঠানত অংশগ্ৰহণ কৰে বিভাগৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰ, ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী (এনডিআৰএফ), ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ), অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱা আৰু নদী আৰক্ষীয়ে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ সঞ্চালক হানিফ নুৰানী, অসম আভ্যন্তৰীণ জল পৰিবহন নিয়ামক প্ৰাধিকৰণৰ অধ্যক্ষ বিবেকানন্দ ফুকন, সদস্য প্ৰবীৰ কুমাৰ দাস, অসম আভ্যন্তৰীণ জলপথ কোম্পানী লিমিটেডৰ উপ-মহাপ্ৰবন্ধক কামাণ্ডাৰ আৰ জেড বৰা, এন ডি আৰ এফৰ বিষয়া অজিত কুমাৰৰ লগতে ভালেমান বিশিষ্ট ব্যক্তি। অসমৰ বিস্তৃত জলপথ ব্যৱহাৰ কৰি থকা নাও-জাহাজৰ কৰ্মী আৰু যাত্ৰী উভয়ৰে সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰাৰ উদ্দেশ্যে আভ্যন্তৰীণ জল পৰিবহণৰ উদ্ধাৰ আৰু সুৰক্ষা ব্যৱস্থা সম্পৰ্কে ব্যৱহাৰিক অভিজ্ঞতা আৰু হাতে কামে প্ৰশিক্ষণ প্ৰদান কৰাৰ উদ্দেশ্যে এই মকড্ৰিল অনুষ্ঠানৰ আয়োজন কৰা হয়। উল্লেখ্য যে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ মাজেৰে জাহাজসমূহ পাৰ হৈ থকাৰ সমান্তৰালকৈ সুৰক্ষা এক সৰ্বোচ্চ চিন্তাৰ বিষয় হৈ পৰিছে, আৰু এই পদক্ষেপৰ লক্ষ্য আছিল এইবোৰ পৰিস্থিতিৰ মোকাবিলা কৰা। অনুষ্ঠানত উপস্থিত থাকি অসম আভ্যন্তৰীণ জলপৰিবহন বিভাগৰ সঞ্চালক হানিফ নুৰানীয়ে কয়, “জলপথত সুৰক্ষাৰ দিশটো সুনিশ্চিত কৰিব পৰাটো সৰ্বপ্ৰথম প্ৰয়োজনীয়তা। আৰু এইটো দিশত আভ্যন্তৰীণ জলপৰিবহন বিভাগে এনে পদক্ষেপ গ্ৰহণ কৰি সুৰক্ষাৰ দিশটোৰ প্ৰতি বিভাগটোৰ সতৰ্কতা প্ৰকাশ কৰিছে। আশা কৰো আগলৈকো আমি এনেদৰে জল পৰিবহনক এক সুৰক্ষিত যাতায়াতৰ মাধ্যম কৰি ৰাখিবলৈ সক্ষম হ’ম।” অনুষ্ঠানত অসম চৰকাৰৰ নাবিক প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষক জে পি কলিতাই উপস্থিত জলসহায়ক তথা নাও-ফেৰী-জাহাজকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰে। ইফালে এনডিআৰএফৰ তৰফৰ পৰা জলযাত্ৰাৰ সময়ত হ’ব পৰা বিভিন্ন প্ৰতিকূল পৰিস্থিতিৰে কিদৰে মোকাবিলা কৰিব পাৰি সেই সন্দৰ্ভত এক প্ৰশিক্ষণমূলক প্ৰদৰ্শন কৰা হয়। 


Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment