মুখ্যমন্ত্রীৰ পত্নীৰ বিৰুদ্ধে পাহাৰীয়া জিলাত এহাজাৰ বিঘা ভূমি দখলৰ অভিযোগ
গুৱাহাটী,৮ অক্টোবৰঃ এইবাৰ এহাজাৰ বিঘা ভূমি কেলেংকাৰীত নাম সাঙোৰ খাইছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি শৰ্মা ভূঞাৰ নাম। ইতিমধ্যে বিষয়টো সামাজিক মাধ্যমত বিশেষভাৱে চৰ্চিত হৈ আছে। এই সন্দৰ্ভত দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত এখন সংবাদমেল সম্বোধন কৰি প্ৰদেশ কংগ্ৰেছৰ আই টি চেলৰ অধ্যক্ষ ৰাতুল কলিতা আৰু মিডিয়া বিভাগৰ উপাধ্যক্ষ বেদব্ৰত বৰাই সৰৱ হৈ পৰে। ৰাতুল কলিতাই কয় যে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ বিৰুদ্ধে বহু অভিযোগৰ উপৰি শেহতীয়াকৈ ১০০ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই চি এম ভিজিলেন্স লগাব পৰা নাই। ইয়াৰ কাৰণ সন্দৰ্ভত তেওঁ কয় যে তুলিৰাম ৰংহাঙৰ ঘৰলৈ চি এম ভিজিলেন্স পঠালে তুলিৰাম ৰংহাঙেও মুখ্যমন্ত্রীৰ পৰিবাৰৰ ক্ষেত্রত চি এম ভিজিলেন্সৰ দাবী কৰিব। তেওঁ লগতে কয় যে প্ৰকৃততে মুখ্যমন্ত্রীয়ে তুলিৰাম ৰংহাঙৰ লগত মিলি এতিয়া ভৈয়ামৰ পৰা গৈ পাহাৰৰ জনজাতীয় লোকসকলক প্ৰৱঞ্চনা কৰি তেওঁলোকৰ মাটি হস্তগত কৰাৰ ষড়যন্ত্র কৰিছে। মুখ্যমন্ত্রীৰ লক্ষ্য হৈছে পত্নীৰ সাম্ৰাজ্য বিস্তাৰ কৰা। যাৰ বাবে পাহাৰৰ জনজাতীয় লোকৰ মাটিত চকু দিছে। মাটিৰ দালাল ধৰাৰ নামত মুখ্যমন্ত্রীয়ে যি তৎপৰতা অৱলম্বন কৰিছিল সেয়া ৰসহ্যজনক ভাৱে বন্ধ কৰা হ'ল। যেতিয়াই সৰুপথাৰৰ এজন ভূ-মাফিয়া তথা দালালে এখন চাহ বাগিছা মুখ্যমন্ত্রীৰ পত্নীৰ নামত বিক্ৰী কৰা বুলি কোৱাৰ পাছতে সেই দালাল ধৰাৰ অভিযান বন্ধ হ'ল। কাৰ্বি আংলঙৰ ৰুথে আংলঙৰ এহাজাৰ বিঘা মাটি অবৈধভাৱে দখল কৰাৰ প্ৰসংগত তেওঁ কয় যে জনজাতীয় ভূমি অজনজাতীয় লোকে ক্ৰয় কৰিব নোৱাৰে যদিও ৰুথে আংলঙত এজাহাৰ বিঘা ভূমি অজনজাতীয় লোকে হস্তগত কৰিছে আৰু দেৱাল নিৰ্মাণ কৰি থকা হৈছে। তেওঁ প্ৰশ্ন কৰি কয় যে কিয় মুখ্যমন্ত্রীয়ে জনজাতীয় লোকৰ মাটি কাঢ়ি নিজৰ পত্নীৰ নামত হস্তগত কৰিছে। যদি হস্তগত কৰা নাই তেন্তে এই সন্দৰ্ভত ভাইৰেল হোৱা অডিঅ'ৰ ক্ষেত্রত কিয় ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি তেওঁ প্ৰশ্ন কৰে। অডিঅ'টোত মুখ্যমন্ত্রীৰ লগতে তেওঁৰ পত্নীৰ নাম স্পষ্টভাৱে উল্লেখ কৰা হৈছে বুলি তেওঁ কয়। কিন্তু এইক্ষেত্রত কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। আনহাতে স্থানীয় ৰাইজে অভিযোগ কৰা মতে সৌৰশক্তি প্ৰকল্পৰ নামত জনজাতীয় লোকৰ বসতি থকা আন ১৮ হাজাৰ বিঘা মাটি দখলৰ ষড়যন্ত্র কৰা হৈছে। ইয়াৰ বাবে জনজাতীয় লোকসকলক উচ্ছেদ কৰাৰ ষড়যন্ত্র কৰা হৈছে বুলি তেওঁ সংবাদমেলত আন এক অভিযোগ উত্থাপন কৰে। তেওঁ লগতে কয় যে পূৰ্বেও কলিয়াবৰৰ ১০৬ বিঘা কৃষিভূমি মুখ্যমন্ত্রীৰ পৰিবাৰৰ কোম্পানীৰ নামত ক্ৰয় কৰি দুমাহৰ ভিতৰত ভূমিৰ শ্ৰেণী বিভাজন কৰা হৈছিল। সেই কাম সম্পূৰ্ণ বেআইনী ভাৱে কৰা হৈছিল বুলি সদৰি কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ পত্নীয়ে ১০ কোটি টকাৰ ৰাজসাহাযও লাভ কৰিছিল। সংবাদমেলত তেওঁ কয় যে কংগ্ৰেছৰ চৰকাৰ আহিলে এছ আই টি গঠন কৰি মুখ্যমন্ত্রী আৰু মুখ্যমন্ত্রীৰ পৰিবাৰৰ বিশাল সাম্ৰাজ্যৰ বিৰুদ্ধে তদন্ত কৰা হ'ব। ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই এই কথা স্পষ্ট কৰি দিছে বুলি তেওঁ কয়। তেওঁ লগতে কাৰ্বি আংলঙৰ এহাজাৰ বিঘা মাটিৰ প্ৰসংগত উত্থাপন হোৱা অভিযোগ সন্দৰ্ভত ন্যায়িক তদন্তৰ দাবী কৰে।

0 Comments:
Post a Comment