প্ৰসংগ চৰাইদেউৰ মৈদাম : দিছপুৰত মন্ত্ৰীগোটৰে বৈঠক ইউনেস্কোৰ ঐতিহ্য-বিশেষজ্ঞ লিম চেন ছিয়ানৰ



গুৱাহাটী,১০ অক্টোবৰঃ চৰাইদেউৰ আহোম স্বৰ্গদেউসকলৰ মৈদামথলীলৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি বিষয়ক ভাৰত চৰকাৰৰ আবেদন সন্দৰ্ভত প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ বাবে অহা ইউনেস্কোৰ ঐতিহ্য-বিশেষজ্ঞ লিম চেন ছিয়ানে আজি সন্ধিয়া দিছপুৰত অসম চৰকাৰৰ সৈতে আনুষ্ঠানিক আলোচনাত মিলিত হয়। জনতা ভৱনত ইউনেস্কোৰ ঐতিহ্য-বিশেষজ্ঞ গৰাকীৰে হোৱা বৈঠকত চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্বীকৃতিৰ প্ৰস্তুতি তদাৰকৰ বাবে অসম চৰকাৰে গঠন কৰা মন্ত্ৰীগোটৰ সদস্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে ৰাজহ মন্ত্ৰী যোগেন মহন, সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী বিমল বড়া, পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে অংশগ্ৰহণ কৰে। অনিবাৰ্য কাৰণবশতঃ ৰাজ্য চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ মন্ত্ৰী নন্দিতা গাৰ্লোচাই বৈঠকত ভাগ নোৱাৰিলে। স্বাস্থ্যমন্ত্ৰী মহন্তৰ সঞ্চালনাত সম্পন্ন হোৱা এই বৈঠকত ভাৰত চৰকাৰৰ আৰ্কিঅ'লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়া (এএছআই)ৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ জানৱিজ শৰ্মা, যুটীয়া সঞ্চালক প্ৰধান (উত্তৰ পূৱ) টি আৰ শৰ্মা, সংৰক্ষণ সঞ্চালক ভীমা আজমেৰা, এএছআইৰ বিশেষজ্ঞ ড০ জি এল কাটাডে আৰু  ড০ কাঞ্চনলতা ৰায়, অসম চৰকাৰৰ থলুৱা জনগোষ্ঠী আৰু বিশ্বাস বিভাগৰ আয়ুক্ত সচিব ৰঞ্জন শৰ্মা, প্ৰত্নতত্ব সঞ্চালকালয়ৰ সঞ্চালিকা ড০ দীপিৰেখা কুলী, ঐতিহ্য বিশেষজ্ঞ ড০ কে চি নৌৰিয়েলেও অংশগ্ৰহণ কৰে।   ইউনেস্কোৰ অধীনত বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যোগ্যতা পৰীক্ষণ প্ৰক্ৰিয়াৰ দায়িত্বত থকা 'ইণ্টাৰনেছনেল কাউন্সিল অন মনুমেণ্টছ এণ্ড ছাইটছ' (ইক'ম'ছ)ৰ ঐতিহ্য-বিশেষজ্ঞ ছিয়ানে অসম চৰকাৰৰ মন্ত্ৰীগোটৰে হোৱা বৈঠকখনত বিগত তিনিদিনত চৰাইদেউ মৈদামথলী পৰ্যবেক্ষণ কৰি লাভ কৰা অভিজ্ঞতাক লৈ সন্তুষ্টি প্ৰকাশ কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ যোগ্যতাৰ প্ৰাৰম্ভিক পৰ্যবেক্ষণ সন্দৰ্ভত বিশেষ কোনো কথা প্ৰকাশ কৰাৰ পৰা বিৰত থাকিও ইক'ম'চৰ বিশেষজ্ঞগৰাকীয়ে আহোম স্বৰ্গদেউসকলৰ এই মৈদামে চহকী ঐতিহ্যক প্ৰতিফলিত কৰা বুলি মতপোষণ কৰে। যোৱা ৭ অক্টোবৰৰ বিয়লি চৰাইদেউত উপস্থিত হৈ বিগত তিনিদিন মৈদামথলীৰ প্ৰায় আটাইকেইটা মৈদামেই পৰিদৰ্শন কৰা বিশেষজ্ঞগৰাকীয়ে মৈদামথলীৰ পুৰণি ঐতিহ্য সংৰক্ষণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ বিপুল উৎসাহ আৰু সক্ৰিয় অংশগ্ৰহণৰ বিশেষ প্ৰশংসা কৰে। বৈঠকত স্বাস্থ্যমন্ত্ৰী মহন্ত আৰু মুখ্য সচিব বৰঠাকুৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ বাবে প্ৰযোজ্য সকলো বিধিগত বাধ্যবাধকতা অসম চৰকাৰে সম্পূৰ্ণ কৰাৰ লগতে ভৱিষ্যতেও এই দিশত পূৰ্ণ দায়বদ্ধতা নিৰ্বহন কৰিব বুলি ঐতিহ্য বিশেষজ্ঞ ছিয়ানক চৰকাৰৰ ফালৰ পৰা নিশ্চয়তা প্ৰদান কৰে। একেদৰে, ভাৰত চৰকাৰৰ আৰ্কিঅ'লজিকেল ছাৰ্ভে অব্ ইণ্ডিয়াৰ অতিৰিক্ত সঞ্চালক প্ৰধান ড০ শৰ্মায়ো চৰাইদেউ মৈদামথলীক ঐতিহ্য ক্ষেত্ৰ ৰূপে ভৱিষ্যতেও সম্পূৰ্ণ সংৰক্ষণ-সংবৰ্দ্ধনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পালন কৰিব লগা সকলো দায়িত্ব নিৰ্বহন কৰা হ'ব বুলি ইউনেস্কোৰ সহযোগী সংস্থা ইক'ম'ছৰ বিশেষজ্ঞগৰাকীক আশ্বস্ত কৰে। চৰাইদেউ মৈদাম সন্দৰ্ভত ইউনেস্কোৰ বিশেষজ্ঞগৰাকীক যদি আৰু অধিক তথ্যৰ প্ৰয়োজন হয়, তেন্তে সেয়া ক্ষিপ্ৰতাৰে তেওঁলৈ আগবঢ়োৱা হ'ব বুলি ৰাজ্য চৰকাৰৰ মুখ্য সচিব আৰু এএছআইৰ অতিৰিক্ত সঞ্চালক প্ৰধানগৰাকীয়ে লিম চেন ছিয়ানক বৈঠকত প্ৰতিশ্ৰুতি দিয়ে। উল্লেখ্য যে, ইতিমধ্যে মৈদামথলীক বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে আবেদন জনাই ভাৰত চৰকাৰে ইউনেস্কোৰ ওচৰত দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত ক্ষেত্ৰভিত্তিক প্ৰাৰম্ভিক পৰ্যবেক্ষণৰ বাবে ইউনেস্কো-ইক'ম'ছৰ ঐতিহ্য বিশেষজ্ঞগৰাকীয়ে যোৱা শুক্ৰবাৰেই ছিংগাপুৰ পৰা আহি নতুন দিল্লীত উপস্থিত হয়। নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্নতত্ব বিভাগৰ ৰাজ্য মন্ত্ৰী মীনাক্ষী লেখীৰ লগতে মন্ত্ৰালয় আৰু এএছআইৰ শীৰ্ষ বিষয়াসকলৰ সৈতে চৰাইদেউ মৈদামক লৈ ভাৰত চৰকাৰে ইউনেস্কোৰ ওচৰত আনুষ্ঠানিক ভাৱে দাখিল কৰা প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰাৰ পাছত শনিবাৰে বিয়লি চৰাইদেউত উপস্থিত হৈ পোনে পোনে মৈদামথলীৰ পৰিৱেশ পৰ্যবেক্ষণ কৰে। পৰৱৰ্তী দুটা দিনত মৈদামথলীত থকা প্ৰায় আটাইকেইটা মৈদাম স্বচক্ষে পৰিদৰ্শন কৰাৰ লগতে চৰাইদেউ আৰু শিৱসাগৰ জিলা প্ৰশাসন, প্ৰত্নতত্ব বিভাগ, এএছআইৰ বিষয়াবৰ্গ আৰু স্থানীয় ৰাইজৰ সৈতে মৈদামৰ ঐতিহ্য আৰু আহোম ৰাজত্বকালৰ বিভিন্ন পৰম্পৰা সন্দৰ্ভত মতবিনিময় কৰে। আজি দিছপুৰত মন্ত্ৰীগোটৰে বৈঠকৰ অন্তত ঐতিহ্য-বিশেষজ্ঞ ছিয়ানে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকো মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত সৌজন্যমূলক সাক্ষাৎ কৰে।

 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment