ক'ভিড চাফাই কৰ্মীৰ প্ৰতিনিধিয়ে সাক্ষাৎ কৰিলে ডঃ দিব্যজ্যোতি শইকীয়াক
গুৱাহাটী,১১ অক্টোবৰঃ ক'ভিড মহামাৰীৰ বিভীষিকাময় পৰিস্থিতিৰ কথা আজিও মানুহৰ মনত সজীৱ হৈ আছে। এনে এক জটিল পৰিস্থিতিৰ সময়তে দেশৰ লগতে অসমৰ একাংশ লোকে অসম চৰকাৰৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই চিকিৎসালয় সমূহত চাফাই কৰ্মী হিচাপে যোগদান কৰিছিল। ক'ভিড কালত প্ৰথম শাৰীৰ যোদ্ধা হিচাপে পৰিগণিত হোৱা এই চাফাই কৰ্মী সকলে বৰ্তমান পৰ্যন্ত চৰকাৰৰ তৰফৰ পৰা কোনো যোগাত্মক সঁহাৰি লাভ নকৰাত তেওঁলোকৰ প্ৰাপ্যৰ দাবীত অলপতে অনশনৰ জড়িয়তে প্ৰতিবাদ কৰে। উক্ত অনশন কাৰ্যসূচী ভংগ কৰাই বিশিষ্ট যুক্তিবাদী চিন্তাবিদ, আন্তৰ্জাতিক শান্তি বঁটা প্ৰাপক, ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই। আজি বিয়লি পুনৰ চাফাই কৰ্মীৰ প্ৰতিনিধিৰ এটা দলে ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাত কৰে। সাক্ষাৎকালত প্ৰতিনিধি দলৰ সদস্য সকলে তেওঁক তেওঁলোকৰ বিভিন্ন অসুবিধা সন্দৰ্ভত অৱগত কৰে। তেওঁলোকে কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু সেই সময়ৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা নাই। তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি পূৰণ কৰা হোৱা নাই। যাৰ পৰিপ্ৰেক্ষিতত আজি তেওঁলোকে বিশিষ্ট মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াক সাক্ষাৎ কৰি চৰকাৰক হেঁচা প্ৰয়োগ কৰি হলেও তেওঁলোকৰ সমস্যা সমূহ সমাধা কৰিবলৈ অনুৰোধ জনায়।

0 Comments:
Post a Comment