বাৰত সুৰা পান কৰি চোৰে লুটি নিলে দুই লাখ টকাৰ সুৰা, গ্ৰেপ্তাৰ পাঁচ চোৰ


লখিমপুৰ,৫ অক্টোবৰঃ লখিমপুৰত সুৰাৰ ৰাগীত ড্ৰাই দে’ৰ দিনাই বাৰত এন্টি মাৰিলে চাৰিটাকৈ চোৰে। চোৰ কেইটাই টেটুগুৰিলৈকে বিলাতী সুৰা সেৱন কৰি বাৰখনৰ পৰা ২ লাখ টকাৰ বিলাতী সুৰা চুৰি কৰি নিয়ে। লখিমপুৰ নগৰৰ খেলমাটি আৰক্ষী চকীত অন্তৰ্গত এলেকাত সংঘটিত হয় এই ঘটনা। ইতিমধ্যে চোৰৰ দলটোক আৰক্ষীয়ে কৰায়ত্ত কৰে আৰু ইয়াৰে এটা চোৰ হৈছে লখিমপুৰৰ এজন আৰক্ষীৰ পুত্ৰ। ২ অক্টোবৰ নিশা সমগ্ৰ সুৰাৰ দোকান বজাৰ বন্ধ থকাৰ সময়তে চাৰিজনীয় চোৰৰ দলটোৱে সুৰা চুৰি কাৰ্যত লিপ্ত হয়৷ ৱাইন বাৰত চুৰি কৰি ২ লাখ টকাৰ বিলাতী সুৰা শৌচালয়ত লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ লগতে এই ঘটনাৰ লগত জড়িত ৰাজীৱ দত্ত, জিন্টু  হাজৰিকা, আয়ুষ মজুমদাৰ, পুলিন দাস আৰু চিন্ময় ডেকাক গ্ৰেপ্তাৰ কৰিছে৷ 

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment