১০৪ বছৰ বয়সত মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰৰ দেহাৱসান, লখিমপুৰত শোক


লখিমপুৰ,৫ অক্টোবৰঃ লখিমপুৰ নগৰৰ বোৱালগুৰিৰ নিবাসী প্ৰয়াত যোগেশ চন্দ্ৰ মজুমদাৰৰ পত্নী তথা মুক্তিযোদ্ধা স্নেহলতা মজুমদাৰ বুধবাৰে ১০৪ বছৰ বয়সত নিজা বাসগৃহত বাৰ্ধক্যজনিত কাৰণত মৃত্যু হয়৷ স্বাধীনতা সেনানী এইগৰাকী স্নেহলতা মজুমদাৰে দেশৰ স্বাধীনতা আন্দোলনত সক্ৰিয় ভাৱে জড়িত হৈ পৰাৰ বাবে কেবাবাৰো কাৰাবাস খাটিবলগা হৈছিল৷ আজি স্নেহলতা মজুমদাৰৰ আকস্মিক বিয়োগত লখিমপুৰত শোকৰ ছাঁ পৰিছে৷ কিছুদিনৰ পৰা অসুস্থ হৈ চিকিৎসাধীন হৈ থকাৰ পিছত আজি তেওঁ শেষ নিশ্বাস ত্যাগ কৰে৷ লক্ষণীয় কথা যে স্নেহলতাই কণকলতা, মুকুন্দ কাকতিৰ লগত একেলগে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল৷ গহপুৰ থানাত কনকলতা বৰুৱাই জাতীয় পতাকা উত্তোলন কৰাৰ সময়তো এইগৰাকী স্বাধীনতা সেনানীয়ে অংশগ্ৰহণ কৰিছিল৷ স্নেহলতা মজুমদাৰে হাজাৰ বাধাক নেওচি ব্ৰিটিছৰ বিৰুদ্ধে স্বাধীনতা আন্দোলনত জপিয়াই পৰিছিল৷ মুক্তিযোদ্ধাৰ পেঞ্চনপ্ৰাপ্ত এইগৰাকী বৰ্ষীয়ান মহিলাৰ বিয়োগত লখিমপুৰ জিলা প্ৰশাসনৰ লগতে বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰিছে। ৰাজ্য চৰকাৰৰ হৈ মুক্তিযোদ্ধাগৰাকীক লখিমপুৰৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকে অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত তেওঁ দুই পুত্ৰ বোৱাৰীৰ তিনিজী-জোঁৱাই সহ বহু আত্মীয় স্বজনক এৰি থৈ যায়৷

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment