লখিমপুৰত বীৰ লাচিত সেনাৰ উদ্যোগত লাচিত দিৱস উদযাপন


লখিমপুৰ,২৩ নৱেম্বৰঃ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আৰু উত্তৰ লখিমপুৰ আঞ্চলিক সমিতিৰ সহযোগত লখিমপুৰ ত্যাগক্ষেত্ৰত আজি লাচিত দিৱস উদযাপন কৰা হয়। দুদিনীয়া কাৰ্যসূচীৰে বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত লাচিত দিৱসৰ কাৰ্যসূচী অনুসৰি আজি দ্বিতীয় দিনা পুৱা ৯ বজাত ‘এম্বুলেন্স সেৱা’ মুকলিৰে কাৰ্যসূচী আৰম্ভ হয়। ইয়াৰ পিছতে ‘খিলঞ্জীয়াৰ জাগৰণ যাত্ৰা’ শীৰ্ষক এক সমদল উলিওৱা হয়৷ এই খিলঞ্জীয়া জাগৰণ যাত্ৰা কাৰ্যসূচীৰ উদ্বোধন কৰে প্ৰাক্তন শিক্ষা বিষয়া কনকেশ্বৰ ডেকা ৰাজকোঁৱৰে৷ বীৰ লাচিত সেনা অসমৰ মুখ্য প্ৰশাসনিক সচিব শৃংখল চলিহাই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰা জাগৰণ যাত্ৰাৰ সমদল লখিমপুৰ ত্যাগক্ষেত্ৰৰ পৰা উলিওৱা হয়৷ দিনৰ ১ বজাৰ পৰা আৰম্ভ হোৱা মুকলি সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী উদয় শংকৰ হাজৰিকাই। সভাখন উদ্বোধন কৰে সাংবাদিক বুবুল হাজৰিকাই। বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ মুখ্য সচিব ৰূপাংকৰ বৰাই আদৰণি ভাষণ আগবঢ়োৱা সভাত স্মৃতিগ্ৰন্থ ‘আকৌ শৰাইঘাট’ উন্মোচন কৰে নাওবৈচা মহাবিদ্যালয়ৰ উপাধ্যক্ষ মন্দিতা বৰাই৷ ইফালে সন্ধিায় ৬ বজাত সাংস্কৃতিক অনুষ্ঠানৰ কাৰ্যসূচীৰে দিৱসৰ সামৰণি পৰে৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ভাষণ দিয়ে  বিশিষ্ট সাহিত্যিক হৃদয়ানন্দ গগৈ, অসম সাহিত্য সভাৰ উত্তৰ লখিমপুৰ আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক বিপুল শৰ্মা বৰুৱা, সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ প্ৰধান সম্পাদক দীপক বৰা কোঁচ প্ৰমুখ্যে ব্যক্তিসকলে।

Share on Google Plus

About Admin

This is a short description in the author block about the author. You edit it by entering text in the "Biographical Info" field in the user admin panel.

0 Comments:

Post a Comment