হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰৰ আবেদনৰ (টি ডি এছ) অনুমোদনক আদৰণি 'এৰিডা'ৰ
গুৱাহাটী,২৩ নবেম্বৰঃ ৰাজ্য চৰকাৰে শেহতীয়াকৈ গুৱাহাটী মহানগৰীকে ধৰি চহৰাঞ্চলৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা বিশেষ পদক্ষেপক আদৰণি জনাইছে আসাম ৰিয়েল ইষ্টেট ইনফ্ৰাষ্টাকছাৰ ডেভল'পাৰ্ছ এছ'চিয়েছন চমুকৈ 'এৰিডা'ই। উল্লেখ্য যে ট্ৰান্সফাৰেবল ডেভেলপমেণ্ট ৰাইটছ চমুকৈ টি ডি আৰ অৰ্থাৎ স্থানান্তৰযোগ্য উন্নয়ন অধিকাৰ আবেদনত অৱশেষত অনুমোদন জনালে ৰাজ্য চৰকাৰে। বুধবাৰে দিছপুৰত অনুষ্ঠিত এক অনুষ্ঠানত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংহালে টি ডি আৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। হস্তান্তৰযোগ্য উন্নয়ন অধিকাৰৰ আবেদনৰ অনুমোদনক আন্তৰিকতাৰে আদৰণি জনাইছে 'এৰিডা'ই। এই সন্দৰ্ভত 'এৰিডা'ৰ সভাপতি পি কে শৰ্মাই কয় যে ২০২২ চনৰ অক্টোবৰ মাহত অধিসূচনা জাৰি কৰা এই নীতি-নিয়মৰ দ্বাৰা গুৱাহাটী আৰু অসমৰ অন্যান্য চহৰৰ সৰু সৰু পথসমূহ বহল কৰাৰ লগতে জলভাগৰ দৰে পৰিৱেশ সংবেদনশীল অঞ্চলসমূহ বৃহত্তৰ জনস্বাৰ্থত মুক্ত কৰা সম্ভৱ হ’ব। চৰকাৰৰ ওপৰত কোনো ধৰণৰ বিত্তীয় বোজা নোহোৱাকৈ পথ বহল আৰু অন্যান্য ৰাজহুৱা সুবিধাৰ বাবে ভূমি অধিগ্ৰহণৰ মাধ্যম হিচাপে টি ডি আৰে সমগ্ৰ উদ্দেশ্যটোক কাৰ্য্যকৰী কৰি তোলে। টি ডি আৰ হৈছে ৰাজহুৱা সুবিধাৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা মাটিৰ ক্ষতিপূৰণ হিচাপে নিৰ্মাণযোগ্য অঞ্চল আবণ্টন দিয়া প্ৰমাণপত্ৰ। বিশেষকৈ গুৱাহাটী দশক দশক ধৰি সংকীৰ্ণ পথৰ সমস্যাৰে জৰ্জতিত হৈ আহিছে। লক্ষণীয়ভাৱে মাষ্টাৰ প্লেনে বিগত ৩০ বছৰৰ পৰা বিদ্যমান বা নতুন আৰু বাধ্যতামূলক প্ৰতিটো পথ বহল কৰাৰ প্ৰস্তাৱ দিছে আৰু ইয়াৰ বাবে সকলো অট্টালিকাত সন্মুখৰ মাৰ্জিনৰ উপৰিও ভূমি, মাষ্টাৰ প্লেনত প্ৰস্তাৱিত পথ প্ৰশস্তকৰণৰ বাবে খালী ৰাখিব লগা হৈছে। কিন্তু চৰকাৰে পুঁজিৰ অভাৱত কেতিয়াও এই ভূমি অধিগ্ৰহণ কৰি ব্যৱহাৰ কৰিব নোৱাৰিলে। যাৰ পৰিপ্ৰেক্ষিতত কেতিয়াও কোনো পথ বহল হোৱা নাছিল। এই টি ডি আৰ প্ৰমাণপত্ৰই লাভ কৰাসকলক বিদ্যমান প্লট বা আন স্থানত প্লটত অতিৰিক্ত এলেকা নিৰ্মাণ কৰাৰ অধিকাৰ দিব আৰু আনকি প্ৰমাণপত্ৰটো তৃতীয় পক্ষক বিক্ৰী কৰিব পাৰিব। এই ব্যৱস্থা ইতিমধ্যে দেশৰ কেইবাখনো চহৰত কাৰ্যকৰী হৈ আছে বুলি সদৰি কৰি এৰিডাৰ সভাপতি শৰ্মাই কয় যে ইয়াৰ দ্বাৰা চহৰসমূহক অধিক বাসযোগ্য কৰি তুলিবলৈ গুৱাহাটী আৰু অসমৰ অন্যান্য নগৰঅঞ্চলৰ সকলো পথ বহল কৰা হ'ব। শৰ্মাই লগতে কয় যে একে সময়তে আমি চৰকাৰক অনুৰোধ কৰিছো যে এবছৰৰ আগতে একে সময়তে অধিসূচনা কৰা টি অ’ ডিৰ বাবে বাকী থকা সকলো আবেদন ক্লিয়াৰ কৰক। টি অ’ ডিৰ (ট্ৰেন্সিট অৰিয়েণ্টেড ডেভেলপমেণ্ট) লক্ষ্য হৈছে গণ পৰিবহণ ন’ড আৰু প্ৰধান পথসমূহৰ ওচৰত উচ্চ ঘনত্বৰ আৱাসিক, বাণিজ্যিক আৰু মিশ্ৰিত ব্যৱহাৰৰ উন্নয়নক উৎসাহিত কৰি খোজ কাঢ়ি যোৱাৰ দূৰত্বত ৰাজহুৱা পৰিবহণৰ সহজ সুলভতা বৃদ্ধি কৰা। ইয়াৰ বাবে ৪০০ পৰ্যন্ত মজিয়াৰ ক্ষেত্ৰফল অনুপাতৰ অনুমতি দিয়া হৈছে। ইয়াৰ লক্ষ্য হৈছে জনসাধাৰণৰ অধিক শতাংশই গণ ৰাজহুৱা পৰিবহণৰ সুবিধাসমূহৰ পৰা সহজলভ্য দূৰত্বত নিজৰ গন্তব্যস্থানলৈ বাস কৰা আৰু অহা-যোৱা কৰা যিটো আদৰণীয়।

0 Comments:
Post a Comment