লখিমপুৰৰ নাৰ্চিং হোমত নাৰী সংগঠনৰ নেত্ৰীৰ ধন দাবীৰ অভিযোগ
লখিমপুৰ,১৮ নৱেম্বৰঃ লখিমপুৰত দেৱালীৰ নিশা সংঘটিত হোৱা এক দুৰ্ঘটনা সন্দৰ্ভত শুকুৰবাৰে নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত লখিমপুৰ নগৰৰ অৱস্থিত নাৰ্চিং হোম চিলভাৰ ক্ৰিষ্টৰ স্বত্বাধিকাৰীয়ে এখন সংবাদমেল সম্বোধন কৰে৷ সংবাদ মেলখনত ব্যক্তিগত নাৰ্চিং হোমখনৰ স্বত্বাধিকাৰী ডাঃ অমিয়াই কয় যে কিছুদিনৰ পৰা চিকিৎসালয়খনত ৰোগীক সেৱা আগবঢ়োৱাৰ সময়ত সময়ে সময়ে সমস্যাৰ সন্মুখীন হৈ আহিছে। একাংশ সংগঠনে তেওঁলোকক কাম কৰাত বিভিন্ন প্ৰকাৰে অসুবিধাৰ সৃষ্টি কৰি আহিছে৷ শেহতীয়াকৈ চিলভাৰ ক্ৰিষ্টৰ লেৱ টেকনেচিয়ান চিৰঞ্জীৱ ৰাজখোৱাৰ মৃত্যুক লৈ লখিমপুৰৰ এটা নাৰী সংগঠনে ধন দাবী কৰা বুলিও সংবাদ মেলত সদৰি কৰে৷ দুৰ্ভাগ্যজনক ভাৱে চিৰঞ্জীৱ ৰাজখোৱা দেৱালীৰ নিশা উত্তৰ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সমীপত দুৰ্ঘটনাত মৃত্যু হোৱাক কেন্দ্ৰ কৰি এই নাৰী সংগঠনটোৱে চিকিৎসালয়খনত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰা বুলি অৱগত কৰি তেনে কাৰ্যৰ বিৰুদ্ধে আৰক্ষীক ইতিমধ্যে চিলভাৰ ক্ৰিষ্ট হস্পিতালৰ পৰা আৰক্ষীক এজাহাৰ দিয়া হৈছে বুলিও কয়। চিৰঞ্জীৱ ৰাজখোৱা চিলভাৰ ক্ৰিষ্টৰ কৰ্মচাৰী আছিল যদিও সেই নিশা তেওঁৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ পিছত অযথা চিলভাৰ ক্ৰিষ্ট হস্পিতাল কতৃৰ্পক্ষক একাধিক সংগঠনে মানসিক ভাৱে হাৰাশাস্তি কৰাত চিকিৎসালয় কতৃৰ্পক্ষই গভীৰ আক্ষেপ প্ৰকাশ কৰে৷ মটৰ চাইকেল দুৰ্ঘটনাত মৃত্যু হোৱা চিৰঞ্জীৱৰ মৃত্যুক গইনা লৈ জাগ্ৰত নাৰী শক্তি অসমৰ নেত্ৰী মানসী ৰাজখোৱাই চিলভাৰ ক্ৰিষ্ট হস্পিতাল কতৃৰ্পক্ষক আওপকীয়াকৈ ধনদাবী কৰা বুলি উল্লেখ কৰে৷ ইয়াৰ পূৰ্বেও একাধিক ঘটনাত এনেদৰে দুই এটা সংগঠনে হস্পিতাল কতৃৰ্পক্ষক হাৰাশাস্তি কৰি অহাত চিকিৎসালয় কতৃৰ্পক্ষ মানসিকভাৱে ভাগি পৰা বুলিও সংবাদমেলত ডাঃ অমিয়াই সদৰি কৰি এই ক্ষেত্ৰত চিকিৎসালয়খন সুকলমে চলাই নিয়াৰ ক্ষেত্ৰত সকলো লোকৰ সহযোগিতাৰ আহ্বান জনায়৷ সম্প্ৰতি চৰাইমৰীয়াৰ এই নতুন চিকিৎসালয়খনত ৰোগীক আধুনিক প্ৰায়বোৰ সা-সুবিধা দিবৰ বাবে চিকিৎসালয় কতৃৰ্পক্ষই প্ৰচেষ্টা অব্যাহত ৰখাৰ লগতে চিকিৎসালয়খনত কিছুদিনৰ পূৰ্বে এগৰাকী মহিলাৰ মৃত্যু হোৱা ঘটনাক অতি দুৰ্ভাগ্যজনক বুলি স্বত্বাধিকাৰী গৰাকীয়ে সদৰি কৰে৷ সংবাদমেলত জোন বৰাৰ লগতে নাৰ্চিং হোমখনৰ অন্যতম মহিলা চিকিৎসক পাঞ্জাৱৰ দিলপ্ৰীত ক'ৰে অংশ গ্ৰহণ কৰে৷

0 Comments:
Post a Comment